কৰোনাৰ সংক্ৰমণ বাঢ়িছে : আতংকিত নহ’ব, পাৰিলে এই সামগ্ৰীকেইপদ ঘৰত ৰাখক





অমাইক্ৰনৰ আবিৰ্ভাৱৰ পাছৰে পৰা বিশ্বজুৰি কৰোনাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। ভাৰততো কৰোনাৰ কেইবাটাও ভেৰিয়েণ্টৰ সংক্ৰমণৰ হাৰ বাঢ়িবলৈ ধৰিছে। সমান্তৰালকৈ অমাইক্ৰনৰো সংক্ৰমণ বৃদ্ধি পাইছে। এই হাৰ অব্যাহত থাকিলে দেশখন কম সময়ৰ ভিতৰতে কৰোনাৰ আন এটা মহাসংকটৰে মোকাবিলা কৰিবলগীয়া হ’ব। দেশৰ বিশেষজ্ঞ একাংশৰ মতে, ভাৰতত ইতিমধ্যে কৰোনাৰ তৃতীয় লহৰ আৰম্ভ হৈছে। সমাগত দুটা মাহ দেশখনৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিন্তু ইয়াৰ অৰ্থ এিটো নহয় যে আতংকত দিশহাৰা হৈ পৰিব। ধৈৰ্য, সাহস আৰু দৃঢ়তাৰ লগতে কৰোনাবিধি অনুসৰণ কৰি এইবাৰো দেশখনে ভাইৰাচটোক পৰাজিত কৰিবলৈ সক্ষম হ’ব। এই সময় আতংক বা ভীতিগ্ৰস্ত হোৱাৰ নহয়। প্ৰস্তুতি লোৱাৰহে। পাৰিলে এতিয়াই কিছুমান সামগ্ৰী যোগাৰ কৰি ৰাখক।


পালছ্ অক্সিমিটাৰ


মহামাৰীৰ সময়ত পালছ অক্সিমিটাৰ এবিধ সবাতকৈ দৰকাৰী লামগ্ৰী। কৰোনাত আক্ৰান্ত হ’লে তেজত অক্জিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ আশংকা থাকে। চিকিৎসকৰ মতে, মানৱ দেহৰ ৰক্তত অক্সিজেনৰ মাত্ৰা ৯৭ৰ তললৈ নমাটো বিপজ্জনক। সেয়ে এই সময়ত সঘনে অক্সিজেনৰ মাত্ৰা জুখি থাকিব লাগে। ঘৰত বয়স্ক লোক থাকিলে, তেওঁলোকৰ অক্সিজেনৰ মাত্ৰা জুখি থকাটো প্ৰয়োজন।

আইআৰ থার্মোমিটাৰ

আইআৰ থাৰ্মোমিটাৰ শাৰিৰীক সংস্পৰ্শ অবিহনে দূৰৰ পৰাই কোনো এজন ব্যক্তিৰ শৰীৰৰ উত্তাপ জুখিবলৈ সক্ষম। কৰোনাৰ সময়ত এনে ধৰণৰ সঁজুলিৰ আৱশ্যকতা অধিক আৰু বিকল্পবিহীন।

র্যা পিড এন্টিজেন কিট

কৰোনাৰ কোনো উপসর্গ দেখা দিলে পেথোলজিষ্ট বা বাহিৰৰ পৰা আন কোনো লোকক মাতি অনাটো সকলো সময়তে সম্ভৱ নহয়। ইয়াৰ বিকল্প হিচাপে ৰ্যা পিড এণ্টিজেন কিটৰ উপকাৰিতা অধিক। কৰোনা পৰীক্ষাৰ বাবে কিটটো ব্যৱহাৰ কৰিব পাৰি।



গ্লুকোমিটাৰ

ডায়বেটিছত ভুগি থকা লোকৰ বাবে কৰোনাৰ যিকোনো ভেৰিয়েণ্ট বিপজ্জনক। ভাইৰাছটোত আক্ৰান্ত লোকৰ বাবে বাৰে বাৰে বাহিৰলৈ গৈ তেজৰ শৰ্কৰা জোখাটো সম্ভৱপৰ নহয়। পৰিস্থিতি ইয়াৰ বিপৰীত হৈ থাকে। সেয়ে তেজত শৰ্কৰাৰ মাত্ৰা জোখাৰ বাবে ঘৰতে গ্লুকোমিটাৰ ৰখা উচিত।

ইউভি ষ্টেৰিলাইজাৰ


সংক্রমিত ব্যক্তিয়ে ব্যৱহাৰ কৰা চিকিৎসা বিষয়ক যন্ত্র-পাতিবোৰ জীৱাণুমুক্ত কৰিবলৈ ইউভি ষ্টেৰিলাইজাৰ ঘৰত ৰাখিব পাৰে।

অক্সিজেন কনচেন্ট্রেটৰ

কৰোনাত আক্রান্ত ব্যাক্তিৰ শ্বাসকষ্টৰ সমস্যাত অক্সিজেন দিয়াৰ বাবে অক্সিজেন কনচেন্ট্রেটৰ এপদ জৰুৰী সামগ্ৰী।

পোর্টেবেল অক্সিজেন কেনিস্টাৰ

এইটো কৰোনাত সংক্রামিত ব্যাক্তিৰ শ্বাসকষ্ট সমস্যাৰ প্রাথমিক শুশ্রূষাত সহায়ক।

ফিটনেছ বেন্ড

ফিটনেছ বেন্ডৰ জৰিয়তে ৰক্তত অক্সিজেনৰ মাত্রা, হৃদস্পন্দন, ৰক্তচাপ আদি নখদৰ্পণত ৰাখিব পাৰি।

3 views0 comments