কাটামৰেন জাহাজ : ৰাজ্যৰ ফেৰী ব্যৱস্থালৈ এক নতুন খোজ





অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অন্তৰ্দেশীয় জল পৰিবহন বিভাগে ৰাজ্যত নদী পৰিবহনত শুধৰণি ঘটাবলৈ ৭৭০ কোটি টকাৰ ঋণৰ বাবে বিশ্ব বেংকৰ সৈতে এখন স্মাৰকপত্ৰত চহী কৰিছে । পাণ্ডু বন্দৰত চাৰিখন ষ্টীল কাটামৰেন জাহাজক সেউজীয়া পতাকা দেখুৱাই মুখ্যমন্ত্ৰীয়ে কয় যে স্বীকৃত ধনৰ ৮০ শতাংশ কেন্দ্ৰ চৰকাৰে আৰু বাকী ২০ শতাংশ ৰাজ্য চৰকাৰে আদায় দিব । ৰাজ্যৰ বিশাল পৰিবহন নেটৱৰ্ক ব্যৱস্থাত মানুহ আৰু বস্তু পৰিবহন কৰা ফেৰী সেৱাবোৰক উন্নত কৰিবলৈ বিশ্ববেংকৰ পৰা বিত্তীয় সাহায্য লৈ এই কাটামৰেন জাহাজকেইখনক উন্মোচিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে । অসমৰ দুই বৃহৎ নদী ব্ৰহ্মপুত্ৰ আৰু বৰাকে অসমৰ সভ্যতা আৰু সংস্কৃতিক লালন-পালন কৰে যদিও এই নদী দুখনে পাৰৰ লোকসকলৰ যাতায়তৰ ক্ষেত্ৰত বহু জটিলতাৰ সৃষ্টি কৰে বুলিও শৰ্মাই উল্লেখ কৰে । তেওঁ কয় যে ছেপ্টেম্বৰত হোৱা মাজুলী দুৰ্ঘটনাৰ পিছত যাত্ৰীসকলৰ সুৰক্ষাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰ আগতকৈ অধিক সচেতন হৈ পৰিছে । চাৰিখন জাহাজৰ ভিতৰত দুখন মাজুলীৰ ব্ৰহ্মপুত্ৰত চলিব আৰু বাকী দুখন গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু উজানবজাৰ-উমানন্দ ফেৰী ঘাটৰ মাজত চলিব । ১৮০ এইচ পি পাৱাৰৰ দুটাকৈ ইঞ্জিন সন্নিবিষ্ট জাহাজকেইখনৰ ১০০ জন লোক আৰু ৫০ খন দুচকীয়া বাহন পৰিবহন কৰিব পৰা ক্ষমতা আছে । জাহাজকেইখনত নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ, জি পি এছ, যোগাযোগ আৰু নেভিগেছন আদি বিভিন্ন আধুনিক প্ৰযুক্তিৰ ব্যৱস্থা আছে । এই ফেৰীৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই ই-টিকটৰো ব্যৱস্থা মুকলি কৰিছে, ইয়াৰ ফলত টিকট বুকিং প্ৰণালী আগতকৈ অধিক সহজ হৈ পৰিব ।

8 views0 comments