কেদাৰনাথত আদিগুৰু শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ




কেদাৰনাথ ধামত নৱনিৰ্মিত আদিগুৰু শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি এটা আজি শুকুৰবাৰে উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিমূৰ্তিটোৰ উচ্চতা ১২ ফুট আৰু ওজন প্ৰায় ৩৫ টন। প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৩ চনৰ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা আদি গুৰুজনৰ সমাধিস্থলো নতুনকৈ মুকলি কৰে।





প্ৰধানমন্ত্ৰী মোদীয়ৰ কেদাৰনাথ ভ্ৰমণ কাৰ্যসূচীত কেদাৰনাথ ধাম দৰ্শন কৰাৰ লগতে আছে ৪০০ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ কামৰ উদ্বোধন। তেওঁ কেদাৰ নাথত পূজা-অৰ্চনা কৰৰা উপৰিও কদাৰপুৰী পুনৰনিৰ্মাণ প্ৰকল্পৰো উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ আগমণৰ প্ৰতি লক্ষ্য ৰাখি সজাই তোলা হৈছে কেদাৰনাথ ধামক।

2 views0 comments