কেদাৰনাথত আদিগুৰুৰ মূৰ্তি উন্মোচন : অসমতো ৫ সেৱাৰ থলীত বিশেষ অনুষ্ঠান




কেদাৰনাথত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে আদিগুৰু শংকৰাচাৰ্যৰ আবক্ষ মূৰ্তি৷ ইয়াৰ সৈতে সংগতি আদিগুৰুগৰাকীয়ে ভ্ৰমণ কৰা অসমৰ ৫টা স্থানতো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ আটাইকেইটা স্থানতে প্ৰধানমন্ত্ৰী মোদীৰ কেদাৰনাথৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়৷


উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰা আদিগুৰু শংকৰাচাৰ্যৰ মূৰ্তিটো ১২ ফুট উচ্চতাৰ। তেওঁ লগতে ২০১৩ৰ প্ৰলয়ংকৰী বানত ধ্বংস হোৱাৰ পুনৰ নিৰ্মিত আদিগুৰুৰ সমাধিস্থলো মুকলি কৰে৷


ইফালে, কামাখ্যা, শিৱদৌল, মহাভৈৰৱ মন্দিৰ, টিলিঙা মন্দিৰ আৰু টুক্ৰেশ্বৰীত মোদীৰ কেদাৰনাথ ধামৰ অনুষ্ঠান উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ কামাখ্যাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পূজাত অংশ লোৱাৰ উপৰি শিৱদৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী যোগেন মহনে অংশগ্ৰহণ কৰে৷

3 views0 comments