কে বি চি ৰ মঞ্চ ত অসম কন্যা ৰাজ নন্দিনীয়ে স্তম্ভিত কৰিলে বিগ বিক!




জনপ্ৰিয় টিভি শ্ব' কৌন বনেগা কৰোড়পতিৰ ছেটত, গুৱাহাটীৰ ১৪ বছৰীয়া ৰাজ নন্দিনী কলিতাই তেওঁৰ অনুপ্ৰেৰণামূলক ভাষণেৰে বিগ বিগ ক স্তম্ভিত কৰি দিয়ে। নন্দিনীৰ প্ৰতিভাক স্বীকৃতি দিয়াৰ সময়ত মেগাষ্টাৰজনে কয় যে বহু ডাঙৰ নেতায়েও এনে ভাষণ দিব নোৱাৰে।ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখা ৰাজ নন্দিনীৰ ভাষণ দিয়াৰ প্ৰতি থকা আগ্ৰহ আৰু প্ৰতিভা লক্ষ্য কৰি বিগ বিয়ে তেওঁক সংসদ আৰু বহি থকা সকল সাংসদ বুলি কল্পনা কৰি ভাষণ দিবলৈ ও উৎসাহ দিয়ে।গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰী ৰাজ নন্দিনীয়ে তেওঁৰ ভাষণত দেশত শিক্ষাৰ গুৰুত্বৰ ওপৰত বক্তব্য ৰাখে। নিজৰ ভাষণৰ জৰিয়তে, নন্দিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় আৰু প্ৰশংসা লাভ কৰে।নিশ্চয়কৈ এই মুহূৰ্ত প্ৰতিজন অসমবাসীৰ কাৰনে এক গৌৰৱময় ক্ষণ ।

4 views0 comments