কাশ্মীৰৰ নৌশেৰাত সেনাৰে দীপাৱলী উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে




আলোকৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে আজি জম্মু-কাশ্মীৰৰ নৌশেৰাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাত তেওঁ সেনাৰ সৈতে পৱিত্ৰ উৎসৱটো উদযাপন কৰিব। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে হোলী আৰু দীপাৱলী সেনাৰ সৈতে উদযাপন কৰি আহিছে। আজি তেওঁ প্ৰথমে জম্মুত উপস্থিত হ'ব। তাৰ পৰা হেলিকপ্টাৰেৰে নৌশেৰালৈ যাব। নৌশেৰাত ভাৰতীয় সেনাৰ জোৱানৰ সৈতে দিপাৱলী উদযাপনৰ লগতে মোদীয়ে ফৰৱাৰ্ড পোষ্টো পৰিদৰ্শন কৰিব।





প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ভাৰতীয় সেনাৰ মুৰব্বী এম এম নৰৱানে নৌশেৰা ভ্ৰমণ সকলো প্ৰস্তুতিৰ বুজ লয়। তেওঁ কালি উক্ত স্থান পৰিদৰ্শন কৰে।

2 views0 comments