কাৰ কি চক্ৰান্ত : বাংলাদেশ নহয়, ধুবুৰীৰ আগমনিত কালী প্ৰতিমাৰ শিৰচ্ছেদ




বাংলাদেশ নহয়, এইবাৰ অসমতে হিন্দুৰ উপাস্য দেৱীৰ শিৰচ্ছেদ কৰিলে দুস্কৃতিকাৰীয়ে। ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তৰ্গত ঝাপুচাবাৰী চতুৰ্থ খণ্ডৰ পাছবেলতলা শ্মশান কালী মন্দিৰত সংঘটিত হৈছে দুস্কাৰ্যটো। মন্দিৰটোত থকা কালী দেৱীৰ প্ৰতিমাৰ মূৰটো কাটি কোনোৱে লৈ গৈছে। ঘটনাটো বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। আজি পুৱা স্থানীয় লোকে নিত্য পূজা কৰিবলৈ গৈ দেখা পায় কালী দেৱীৰ মূৰ্তিটোৰ মূৰ নোহোৱা হৈ আছে।


ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোনো গভীৰ চক্ৰান্তৰ অংশ হিচাপে দুস্কাৰ্যটো সংঘটিত কৰা বুলি চৰ্চিত হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে ৰাইজক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।

8 views0 comments