ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান খেলৰত্নৰ বাবে লাভলীনাৰ নাম ঘোষণা : গৰ্বিত প্ৰতিজন অসমীয়া




ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰখনৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে বিভূষিত হ'ব অসম কন্যা লাভলীনা বৰগোহাঁই। লাভলীনা খেলৰত্ন বঁটাৰ বাবে নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ মন্ত্ৰালয়ে চলিত বৰ্ষৰ বাবে ঘোষণা কৰা ক্ৰীড়া বঁটাৰ তালিকাখনত খেলৰত্নৰ বাবে মনোনীত তালিকাত লাভলীনাৰ নাম সন্নিৱিষ্ট হৈছে।


এইবাৰ ১২গৰাকী খেলুৱৈক খেলৰত্নৰ বাবে বাছনি কৰা হৈছে। ইয়াৰে সিংহভাগ টকিঅ’ অলিম্পিকত ভাৰতৰ মান উজলাই তোলা। তেওঁলোক হৈছে -নীৰজ চোপ্ৰা (এথলেটিকছ, সোণৰ পদক বিজেতা), ৰবি কুমাৰ (কুস্তি, ৰূপৰ পদক বিজেতা), লাভলীনা বৰগোহাঁই (বক্সিং), পিআৰ শ্ৰীজেশ (হকী), অৱনী লেখাৰা (পেৰা শ্বুটিং), সুমিত এণ্টিল (পেৰা এথলেটিকছ), প্ৰমোদ ভগত (পেৰা বেডমিণ্টন), কৃষ্ণ নগৰ (পেৰা বেডমিণ্টন), মনীষ নাৰৱাল (পেৰা শ্বুটিং), মিতালী ৰাজ (ক্ৰিকেট), সুনীল ছেত্ৰী (ফুটবল), মনপ্ৰীত সিং (হকী)। লাভলীনাৰ এই বিৰল কৃতিত্বত গৌৰৱান্বিত হৈ পৰিছে প্ৰতিজন অসমীয়া।


3 views0 comments