গৰুখুঁটি-লামডিঙত ব্যৱসায়িক স্বাৰ্থতহে ভূমি বেদখল : মুখ্যমন্ত্ৰী ড০ শৰ্মা




ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি লামডিং সংৰক্ষিত বনাঞ্চলত চলি আছে উচ্ছেদ অভিযান। অভিযানৰ প্ৰথম দিনাই বেদখলক লৈ আগবঢ়াইছে বিস্ফোৰক তথ্য। তেওঁৰ মতে বনাঞ্চলৰ গছ-বিৰিখ কাটি খাস্তাং কৰি হোৱা বেদখলৰ আঁৰত আছে ব্যৱসায়িক স্বাৰ্থ৷ নজৰুল নামৰ এজন লোকে নগাঁও, বৰপেটা, ধুবুৰীৰ পৰা মানুহ আনি তাত বেদখল কৰাই আদাৰ খেতি কৰিছে৷ প্রতিবছৰে তাত ২৫ কোটি টকাৰ আদাৰ খেতি হয়৷


সোমবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত যিমান বেদখল হৈছে, তাত কোনো ভূমিহীন নাথাকে, ব্যৱসায়িক স্বার্থহে থাকে৷ গৰুখুঁটিৰ বেদখলতো ব্যৱসায়িক স্বার্থহে আছে৷ লামডিং সংৰক্ষিত বনাঞ্চলতো ব্যৱসায়িক স্বার্থহে আছে৷ চৰকাৰ–প্রশাসনে উচ্ছেদ অভিযান চলালেই সেই লোকসকলক ভূমিহীন বুলি কোৱা হয় যদিও প্রকৃততে তেওঁলোক ভূমিহীন নহয়৷ লামডিং সংৰক্ষিত বনাঞ্চলখনৰ আধা অংশই ইতিমধ্যে বেদখল কৰা হৈছে৷ তাত থকা লোকসকল নগাঁও, বৰপেটা, ধুবুৰীৰ পৰা অহা লোক৷ নজৰুল নামৰ এজন লোকে সেইসকল লোকক বনাঞ্চলখনলৈ আনিছে৷


অৱশ্যে ইয়াত চৰকাৰ, প্রশাসনৰ হাত থাকিব লাগিব৷ ২০১২ চনৰ পৰাই সংৰক্ষিত বনাঞ্চলখনত গছ কাটি খেতি কৰা হৈছে৷ বছৰি সেই অঞ্চলটোত ২৫ কোটি টকাৰ আদাৰ খেতি কৰা হয়৷ বেদখলকাৰীৰ বিৰুদ্ধে ইতিমধ্যে থানাত এজাহাৰ দিয়া হৈছে৷ নজৰুলৰ বিৰুদ্ধেও এজাহাৰ দিয়া হৈছে৷ নজৰুলক গ্রেপ্তাৰ কৰাৰ পাছতেই বহু কথা জানিবলৈ পোৱা যাব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে বনাঞ্চলখনত বেদখল কৰা এহাজাৰৰ অধিক মানুহ ইতিমধ্যে নিজে আঁতৰি গৈছে৷ চৰকাৰে গুলী, বন্দুক–বাৰুদ ব্যৱহাৰ কৰি নহয়, আলাপ–আলোচনাৰ মাধ্যমেৰে বনাঞ্চলখন বেদখলমুক্ত কৰাৰ চেষ্টা কৰিছে৷ অনাগত দিনত আন আন অঞ্চলতো একেদৰেই বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷

5 views0 comments