গোলকীয় জলবায়ু সন্মিলনত ভাৰতৰ ১৪ বছৰীয়া কিশোৰীৰ উদাত্ত ভাষণ





জলবায়ু নিয়ন্ত্ৰণৰ বিশ্বৰ শীৰ্ষ নেতাসকলৰ কামকাজক তীব্ৰভাৱে সমালোচনা ভাৰতীয় কিশোৰীৰ । স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত গোলকীয় জলবায়ু সন্মিলনত অংশ লৈ ভাৰতৰ ১৪ বছৰীয়া কিশোৰী বিনিশা উমাশংকৰে কয় যে প্ৰকৃতি সুৰক্ষাৰ বাবে দিয়া প্ৰতিশ্ৰুতিসমূহৰ পালনৰ ক্ষেত্ৰত বিশ্বৰ নেতাসকল লাজলগাধৰণে ব্যৰ্থ হৈছে । চি অ পি ২৬ শীৰ্ষক সন্মিলনৰ ক্লিন এনাৰ্জী প্ৰযুক্তি আৰু উদ্ভাৱন সম্পৰ্কীয় এখন বৈঠকত অংশ লৈ আৰ্থশ্বট পুৰস্কাৰৰ চূড়ান্ত বাছনিভুক্ত বিনিশাই কয় যে নেতাসকলৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাবে তেওঁৰ প্ৰজন্মৰ বেছিভাগেই ক্ষোভ আৰু হতাশাত ভুগিছে আৰু এয়া যুক্তিসংগতো । কিন্তু খং কৰি থাকিবলৈ তেওঁৰ হাতত সময় নাই বুলি উল্লেখ কৰি বিনিশাই কয় যে তেওঁ কেৱল ভাৰতৰে ছোৱালী নহয়, তেওঁৰ সমগ্ৰ বিশ্বৰ ছোৱালী আৰু তেওঁ এগৰাকী শিক্ষাৰ্থী, উদ্ভাৱক, প্ৰকৃতিপ্ৰেমী তথা উদ্যোগী । নিজকে এগৰাকী খুব আশাবাদী ব্যক্তি বুলি আখ্যা দি তেওঁ কয় যে বিশ্বৰ নেতাসকলে সমৰ্থন নজনালেও বিনিশাহত আগবাঢ়ি যাবই আৰু নেতাবোৰ অতীতত ৰৈ গলেও বিনিশাহতে ভৱিষ্যৎ গঢ়িবই । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোডী, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচন, আমেৰিকাৰ ৰাষ্ট্ৰপতি আদি বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকল উপস্থিত থকা বৈঠকখনক এনে উদাত্ত কণ্ঠেৰে নিজৰ বক্তব্য দাঙি ধৰা বিনিশা উমাশংকৰ তামিলনাডুৰ বাসিন্দা ।

7 views0 comments