গোসাঁইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ বৃহৎ জয়, দ্বিতীয় স্থানত কংগ্ৰেছ





২৮নং গোসাঁইগাওঁ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ ইউপিপিএল প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে জয়লাভ কৰিছে। অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ’ৰ জুুৱেল টুডুক ২৮,৩৬৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি, জিৰণ বসুমতাৰীয়ে ৫৮,৬৬৯টা ভোট লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ জুৱেল টুডুৱে পাইছে ৩০,৩০৩টা ভোট।


ইফালে, প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ খবৰে সমষ্টিটোৰ মিত্ৰজোঁটৰ নেতা-কৰ্মীক উৎফুল্লিত কৰি তুলিছে। বিজয়ী প্ৰাৰ্থী বসুমতাৰীয়ে জয়লাভৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘল, অগপৰ নেতৃত্বত বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে।

4 views0 comments