গুৱাহাটীত আৰু হত্যাকাণ্ড : জালুকবাৰী থানাৰ সমীপতে এজনক বাটামেৰে কোবাই হত্যা




আৰু এটা হত্যাকাণ্ডই উপহাস কৰিলে গুৱাহাটীবাসীৰ তথাকথিত সুনিৰাপত্তাক। এইবাৰ জালুকবাৰী থানাৰ সমীপতে সংঘটিত হয় নৃশংস হত্যাকাণ্ডটো। হত্যাকাণ্ডটোৰ দৃশ্য চি চি টিভি কেমেৰাত বন্দী হৈছে। সেই অনুসৰি এজন অচিনাকি লোকে হাতত বাটাম এচটা লৈ তৰুণ ডেকা নামৰ লোকজনক মৰিয়াই মৰিয়াই হত্যা কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ জোৰ তদন্ত আৰম্ভ কৰিছে। চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি হত্যাকাৰীৰ পৰিচয় উলিয়াবলৈ চেষ্টা চলাই আছে।


নিহত তৰুণ ডেকা জালুকবাৰী থানাৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত থকা বিপুল কমপ্লেক্সত নৈশ চকীদাৰ হিচাপে নিয়োজিত হৈ আছিল। দিনৰ ভাগত তেওঁ কাঠমিস্ত্ৰী ৰূপে কাম কৰে। তেওঁৰ পৰিয়ালৰ লোকে সাংবাদিকক জানিবলৈ দিয়া মতে, নিশা ১০ মান বজাত তেওঁলোকে আহাৰ খাই উঠি শুইছিল। ১১ মান বজাত হত্যাকাণ্ডটোৰ খবৰ লাভ কৰে। তাৰ পিছত তেওঁলোকে আৰক্ষীৰ কাষ চাপে। আনহাতে, তৰুণ ডেকাৰ সৈতে কাৰো শত্ৰুতা থকাৰ কথা মানি ল'ব পৰা নাই পৰিয়ালৰ লোকে।

22 views0 comments