গুৱাহাটী-লখিমপুৰৰ মাজত বিমান মুকলি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ




বৃহস্পতিবাৰৰ পৰা লখিমপুৰ-গুৱাহাটীৰ মাজত আৰম্ভ হ'ল বিমান সেৱা। দীপাৱলীৰ দিনটোতে গুৱাহাটীৰ পৰা উ:লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰলৈ চলে ফ্লাইবিগৰ যাত্ৰীবাহী বিমান। যাত্ৰীয়ে মাত্ৰ ৯৯৯ টকাতে আকাশীপথেৰে গুৱাহাটী-লখিমপুৰৰ মাজত যাত্ৰা কৰিব পাৰিব।


ইফালে, প্ৰথম দিনৰ যাত্ৰাত গুৱাহাটীৰ পৰা লখিমপুৰ লৈ যায় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, অৰুণাচলৰ কৃষিমন্ত্ৰী টাকি তাগে, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা। যাত্ৰাৰ অন্তত সকলোৱে একেমুখে স্বীকাৰ কৰে যে এই বিমান সেৱা হ’ব লখিমপুৰ আৰু ধেমাজিবাসীৰ বাবে বিশেষ সহায়ক।


৯৯৯ টকাতে এই যাত্ৰা সম্ভৱ হ’ব যাত্ৰীৰ বাবে। সপ্তাহত চাৰি দিন বিমান সেৱা চলিব। উল্লেখ্য যে গুৱাহাটীত এই বিমানৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

4 views0 comments