চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িছে যদিও একেসময়তে ঘৰুৱা টিউচনৰ সংখ্যাও বাঢ়িছে : এ এছ ই আৰ





দেশৰ ২৫ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ৫-ৰ পৰা ১৬ বছৰ বয়সৰ ৭৫,২৩৪ টা শিশুৰ মাজত চলোৱা 'এনুৱেল ষ্টেটাছ অফ এডুকেছন ৰিপৰ্ট'ৰ (এ এছ ই আৰ) এক সমীক্ষাৰ প্ৰতিবেদন অনুসৰি ২০১৮ চনৰ পৰা ২০২১ চনৰ ভিতৰত দেশৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িছে । কিন্তু একেসময়তে এই প্ৰতিবেদনে দেখুৱাইছে যে ঘৰুৱা টিউচনৰ সংখ্যাও লক্ষণীয়ভাৱে দেশত বৃদ্ধি পাইছে । এ এছ ই আৰ হৈছে মূলতঃ এক নাগৰিক-নেতৃত্বাধীন পাৰিবাৰিক সমীক্ষা যিয়ে শিশুৰ বিদ্যালয়-সম্পৰ্কীয় স্থিতিৰ লগতে তেওঁলোকৰ বুনিয়াদী অধ্যয়ন আৰু গাণিতিক দক্ষতাৰ বিষয়ে এক ৰাষ্ট্ৰীয় প্ৰতিনিধিত্বমূলক অনুমান দাঙি ধৰে । 'প্ৰথম' নামৰ এটা এনজিঅ'ই এই সমীক্ষাক সাহায্য প্ৰদান কৰে । এই এ এছ ই আৰ (গ্ৰামীণ) সমীক্ষা অনুসৰি ২০১৮ চনত ৬৪.৩ শতাংশ আৰু ২০২০ চনত ৬৫.৮ শতাংশ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে ২০২১ চনত ৭০.৩ শতাংশ শিক্ষাৰ্থীয়ে চৰকাৰী বিদ্যালয়সমূহত নামভৰ্তি কৰিছে । উল্লেখযোগ্য যে ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তিৰ সংখ্যা হ্ৰাস পাইছে । ৬-ৰ পৰা ১৪ বছৰ বয়সৰ শিক্ষাৰ্থীৰ ভিতৰত ২০১৮ চনত ৩২.৫ শতাংশৰ পৰা কমি গৈ ২০২১ চনত ২৪.৪ শতাংশ হৈছেগৈ । এই অৱনমন সকলো শ্ৰেণী তথা লৰা-ছোৱালী উভয়ৰে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে বুলি প্ৰতিবেদনে জানিবলৈ দিছে । কিন্তু আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰুৱা টিউচনৰ সংখ্যা বাঢ়িবলৈ লৈছে । প্ৰতিবেদন অনুসৰি ২০১৮ চনত সৰ্বভাৰতীয় পৰ্যায়ত ৩০ শতাংশতকৈও কম শিশুৱে ঘৰুৱা টিউচন লৈছিল । কিন্তু ২০২১-ত এই সংখ্যা বাঢ়ি গৈ প্ৰায় ৪০ শতাংশ পাইছেগৈ । দুখীয়া মানুহৰ লৰা-ছোৱালীৰ মাজত এই সংখ্যা সৰ্বাধিক হৈছে কাৰণ তেওঁলোকৰ অভিভাৱকে শিক্ষাৰ অভাৱত সন্তানক নিজে একো এটা শিকাব নোৱাৰে । ইয়াৰ উপৰি, প্ৰতিবেদনৰ তথ্যমতে বিদ্যালয়ত একেবাৰেই নামভৰ্তি নকৰা লৰা-ছোৱালীৰ সংখ্যাও দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।

5 views0 comments