চাকৰিৰ Common Test লৈ সাজু হোৱাৰ উচিত সময় এয়া




এতিয়া পঢ়াৰ সময় কিয়নো অসমৰ হিমন্ত বিশ্ব শৰ্মা ৰ নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰথম বৰ্ষপূৰ্তিৰ ভিতৰত ৰাজ্যৰ এক লাখ নিবনুৱাৰ হাতত নিযুক্তিপত্ৰ তুলি দিব বুলি ইতিমধ্যে কথা দিছে। অসমৰ সকলোৱে জানে যে ড: হিমন্ত বিশ্ব শৰ্মা মাত্ৰ ঘোষণা কৰিয়েই বহি থকা বিধৰ মন্ত্ৰী নহয় । তেও এনে এজন মন্ত্ৰী যাক বিৰোধী য়ে সমালোচনা কৰে সচা কিন্তু অসমৰ লাখ লাখ নিবনুৱাৰ বাবে তেখেত হ'ল আশা । অসমত এনে এটা সময় আছিল যিটো সময়ত টকা নহলে চাকৰি নাপায় কিন্তু এনে বাতাবৰণৰ মাজত ও হিমন্ত বিশ্ব শৰ্মা ৰ নেতৃত্ব ত হাজাৰ হাজাৰ টেট পৰীক্ষা পাছ কৰা যুৱক যুৱতী য়ে এটা টকা নিদিয়াকৈ চাকৰি পাবলৈ সক্ষম হৈছে । এক কথাত কবলৈ গলে , হিমন্ত বিশ্ব শৰ্মা ই নজৰ দিয়া প্ৰায় বোৰ বিভাগত দেখা পোৱা গৈছিল নিকা আৰু পাৰদৰ্শিতাভিত্তি ত নিযুক্তি । উল্লেখযোগ্য যে এইবাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো বিভাগতে খালী হৈ থকা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে আৰু ইতিমধ্যে গঠন কৰি দিছে কমিটী।মুখ্যমন্ত্ৰী ৰ নিৰ্দেশ ৰ পিছতেই ডিচেম্বৰ মাহত স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু গৃহ বিভাগে ইতিমধ্যে খালী পদৰ বাবে জাৰি কৰিছে বিজ্ঞাপন। এনে চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ পুনৰ ১ লাখ চাকৰি প্ৰদানৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়।আজিৰে পৰা চলা অসম বিধানসভা অধিৱেশনৰ প্ৰস্তুতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, 'আগন্তুক বিধানসভা অধিৱেশনত ৩-৪ খন বিধেয়ক উত্থাপন হ'ব। নতুন বছৰত ১ লাখ চাকৰি প্ৰদানৰ পথ প্ৰশস্ত হ'ব।নিশ্বয়কৈ এই ঘোষণা অসমৰ লাখ লাখ নিবনুৱা ৰ কাৰনে আশাৰ বতৰা । ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি সলনি কৰাৰ চিন্তা চৰ্চা কৰিছে। নিযুক্তি প্ৰক্ৰিয়া খৰটকীয়া কৰিবলৈ এটাই Common Test অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে ড: হিমন্ত বিশ্ব শৰ্মা ৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে । ফলত ২০২২ চনৰ পৰা সুকীয়া সুকীয়া কৈ বিভাগ সমূহে নিযুক্তি পৰীক্ষা অনুষ্ঠিত নকৰাৰ দিশে আগবাঢ়িছে বিজেপি চৰকাৰ । যাৰ ফলত অকল পৰীক্ষাৰ্থী ৰ সকাহৰ লগতেই চৰকাৰৰ ও যথেষ্ট ৰাজহ ৰাহি হব । এই ক্ষেত্ৰত চৰকাৰ যথেষ্ট কঠোৰ হব লাগিব কিয়নো এনে বহু ঘটনা দেখিবলৈ পোৱা গৈছে যে , একাংশ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ও পৰীক্ষা চালনা কৰি দুৰ্নীতি কৰাৰ কথা পোহৰ লৈ আহিছিল । কমন টেষ্ট ৰ ক্ষেত্ৰত পৰীক্ষা যিমানেই ডিজিটেল মাধ্যমত হব , দুৰ্নীতি ৰ পৰিমান সিমানেই কমিব ।আগতীয়া ৰণকৌশল কৰিলে অসম চৰকাৰে সমাজৰ আগত এক উদাহৰণ সৃষ্টি কৰিব পাৰে।

6 views0 comments