চীনৰ নতুন ৰণকৌশল : হাতেৰে নোৱাৰি ভাতেৰে মৰাৰ পৰিকল্পনা ভাৰতক




ভাৰতৰ সৈতে সামৰিক যুঁজ এৰিব চীনে । কিছুদিন আগত অনুষ্ঠিত চীনৰ নেচনেল কংগ্ৰেছৰ এক বিশেষ সভাত সামৰিক যুদ্ধ নকৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে চীনে । এতিয়া চীনৰ পৰিকল্পনা, ভাৰত-চীন সীমান্তত মহানগৰ গঢ়ি তোলাৰ । এই কাম আৰম্ভ হ'ব ২০২২ চনৰ এক জানুৱাৰীৰ পৰা । দৰাচলতে এই পৰিকল্পনাৰ আঁৰত চীনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ বজাৰখন । ট্ৰাক ভাড়া, পুলিচৰ উৎকোচ আৰু ছিণ্ডিকেটৰ ফলত আকাশলংঘী হোৱা বস্তুৰ দামে ৰাইজৰ ৰাজহাড় ভঙাৰ সুযোগ লৈ ভাৰতৰ বজাৰ দখল কৰিব বিচাৰিছে চীনে । মূল কথা হ'ল দিল্লী তথা ভাৰতৰ অন্য চহৰবোৰৰ পৰা ট্ৰাকেৰে মালবস্তু কঢ়িয়াই অনাৰ পিছত অসমত যি দামত সেই বস্তু বিক্ৰী হয়, অৰুণাচলৰ চীন-সীমান্তৰ পৰা একেই ট্ৰাকেৰে অনা বস্তুৰ দাম তাতকৈ ৫-৬ গুণ কমি যাব । কৃষি উৎপাদনৰ ক্ষেত্ৰত নিজকে পৃথিৱীৰ এখন শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তোলা চীনে এইদৰে এইবাৰ অৰ্থনৈতিকভাৱে ভাৰতৰ সৈতে যুঁজিব । উল্লেখযোগ্য যে চীনে ইতিমধ্যে অৰুণাচল সীমান্তৰে ভূটানলৈকে ডবল ব্ৰডগজৰ ৰেলপথ তথা ৬ লেন মটৰৰ পথৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে । উন্নত পন্যাগাৰ, অতি শৃংখলিত তথা সুলভ মূল্যৰ পৰিবহন ব্যৱস্থাৰ অধিকাৰী চীনৰ সৈতে যুঁজিবলৈ ভাৰতে কি প্ৰণালীৰে আগবাঢ়ে সেয়াহে লক্ষণীয় বিষয় ।

11 views0 comments