চেনাই মই ঘৰলৈ যাওঁ দেই... ইউডিএফলৈ যাব শ্বেৰমান




এটা গান মনলৈ আহিছে। ‘চেনাই মই ঘৰলৈ যাওঁ...’। আমাৰো চেনাই মানে বাঘবৰ সমষ্টিৰ বিধায়ৰ শ্বেৰমান আলী আহমেদৰ ঘৰলৈ মনত পৰিছে। তেওঁৰ ঘৰখন পিছে এলা-পেচা ঘৰ নহয়। এক্কেবাৰে আজমল চাহাবৰ বৰ ঘৰ। এসময়ত তাতেই উমলি-জামলি অসম তথা ভাৰতীয় সভ্যতা-সংস্কৃতিৰ ঐতিহ্যমণ্ডিত প্ৰসাদটো ভঙাৰ প্ৰশিক্ষণ লৈছিল শ্বেৰমানে। তাৰ পিছত হাতৰ হাতত ধৰি হাতুৰি-বটালি লৈ সনাতনী সভ্যতা-সংস্কৃতিৰ ঘৰটোত আঘাত কৰিবলৈ লৈছিল। কংগ্ৰেছৰ লাজ লাগিল। ইমানবোৰ বাঘা বাঘা মিস্ত্ৰী থাকোঁতে শ্বেৰমান আলী আহমেদে আহি সেই কৃতিত্ব ল’ব! ই হ’বই নোৱাৰে। শ্বেৰমানক খেদ। বেচেৰা শ্বেৰমান! গুণীৰ মোল নুবুজা কংগ্ৰেছতকৈ পূৰ্বৰ ঘৰখনেই ভাল। গতিকে, চেনাই মই ঘৰলৈ যাওঁ দেই...। এতিয়া আজমলৰ বৰঘৰৰ পৰা স্বাছন্দ্যে সনাতনী সভ্যতা-সংস্কৃতিৰ বিৰুদ্ধে যাঠী-জোং তুলি ল’ব। বাধা দিওঁতা কোনো নাই। হাত চাপৰি বজাওঁতাহে থাকিব চোদিশে।

কাৰাগাৰৰ পৰা ওলাই আহিয়েই বিধায়ক শ্বেৰমান আলী আহমেদে ইংগিত দিছে, কংগ্ৰেছত নাথাকে। ইউডিএফলৈ যাব। শ্বেৰমান আলী আহমেদৰ নাম অসমবাসীয়ে প্ৰথমে শুনিছিল এনআৰচিৰ পাইলট প্ৰজেক্টৰ কাম আৰম্ভ হোৱাৰ সময়ত। ৰাজ্যজুৰি এনআৰচি উন্নীতকৰমৰ পূৰ্বে বৰপেটা জিলাত এনআৰচি উন্নীতকৰণৰ বাবে পাইলট প্ৰজেক্টৰ কাম হাতত লোৱা হৈছিল। সকলোৱে জানে, সেই সময়ছোৱাত এনআৰচিক অসমৰ ভাগ্য নিয়ন্তাৰ ৰূপত ধৰি লোৱা হৈছিল। অবৈধ বাংলাদেশীৰ কবলৰ পৰা ৰাজ্যখনক মুক্ত কৰি আপোন পৰিচয় আৰু গৰিমাৰে জীয়াই থকাত এনআৰচিয়ে অসমবাসীক এটা বিৰল আৰু ঐতিহাসিক সুযোগ দিব বুলি ধৰি লোৱা হৈছিল। স্বাভাৱিকতে অবৈধ বাংলাদেশীৰ ৰক্ষক আৰু অবৈধ বাংলাদেশীয়ে ইয়াৰ বিৰুদ্ধে অৱস্থান কৰিব। বৰপেটাত সেয়াই হ’ল। এনআৰচিৰ পাইলট প্ৰজেক্টক বাধাপ্ৰাপ্ত কৰাৰ বাবে এচাম লোক ৰাজপথলৈ ওলাই আহিল। আন্দোলনৰ নামত ৰাজপথত মুকলিকৈ হিংসা চলিল। বৰপেটা চহৰত ভয়ংকৰ পৰিৱেশ ৰচনা কৰা হ’ল। অসমবাসীক ৰঙাচকু দেখুৱাই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গ্ৰহণ কৰা যিকোনো পদক্ষেপৰ প্ৰতিক্ৰিয়া কি হ’ব পাৰে, তাক দেখুৱাই দিয়াৰ অপচেষ্ট চলোৱা হ’ল। সেই কুখ্যাত প্ৰতিবাদটোৰত নেতৃত্ব দিয়াসকলৰ এজন আছিল শ্বেৰমান আলী আহমেদ। ইয়াৰ পুৰষ্কাৰ হিচাপে তেওঁ ইউডিএফৰ পৰা প্ৰাৰ্থিত্ব পালে। এনে সমষ্টিৰ লোকে তেওঁক জয়ী কৰি বিধানসভালৈ পঠিয়ালে য’ত হিন্দু ধৰ্মীয় ভোটাৰৰ সংখ্যা দুই শতাংশও নহয়। এমএলএ নামৰ বঁটাটো সঠিকভাৱেই সঠিক সমষ্টিৰ পৰা শ্বেৰমান আলীয়ে লাভ কৰিলে। তাৰ পিছত কিছু আভ্যন্তৰীণ সংঘাত।

শ্বেৰমান আলী কংগ্ৰেছলৈ আহিল। কথাবোৰ কিন্তু একেই থাকিল। এইবাৰ দুগুণ উছাহেৰে সনাতনী সভ্যতা-স্ংস্কৃতিৰ বিৰুদ্ধে জঁপিয়াই পৰিল। অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে ঐতিহাসিক ছবছৰীয়া আন্দোলনটোৰ বুকুতে কামোৰ মাৰি ধৰিবলৈ ওলালে। অসম চুক্তিৰ আধাৰত নিৰ্মিত গুৱাহাটীৰ শ্ৰীমন্ত শংকতৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ দাবী কৰিলে। মিউজিয়াম মানে তাত মিঞা সংস্কৃতিৰ সংৰক্ষণ কৰিব লাগিব। মিঞা সংস্কৃতি বুলি েকো নথকাত বুজিবলৈ বাকী নাথাকিল, শ্বেৰমানে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰকাৰান্তৰে বাবৰ, ঔৰংগজেব াদিয়ে তুৰস্ক, আফগানিস্তান আদিৰ পৰা ভাৰতলৈ আমদানি কৰি অনা মোগল সভ্যতা-সংস্কৃতিৰ সংৰক্ষণ বিচাৰিলে। ৰাজ্যজুৰি প্ৰতিবাদ হ’ল। সনাতনী সভ্যতা-সংস্কৃতিৰ দেশ ভাৰতত মোগল সভ্যতাৰ সংৰক্ষণ কোনেও মানি নল’লে। লাহে লাহে নিৰ্বাচনৰ সময় চমু চাপি আহিল। কথাবোৰ অলপ তল পৰিল। অলপ নিৰ্বাচনী ইছ্যু হ’ল। এআইইউডিএফে অসমত লুঙী-টুপী চৰকাৰ হ’ব বুলি ভৱানীপুৰ সমষ্টিৰ নিৰ্বাচনী সভাত দাবী নকৰিলে। বিধানসভাৰ নিৰ্বাচন শেষ হ’ল। বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ল।

মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ড০ হিমন্ত বিশ্ব শৰ্মাই গৰুখুঁটিত অসমীয়াৰ পৰা কাঢ়ি লোৱা ভূমি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিলে। সেই মাটিত একাংশ সন্দেহজনক নাগৰিকে বসতি স্থাপন কৰিছিল। তাৰ িতিহাস ওলাল। জুয়ে পোৰা তিৰাশীত তাত একাংেশ সন্দেহজনক লোকে অসমীয়া ডেকাক নিৰ্মমভাৱে হত্যা কৰিছিল। শ্বহীদৰ কেঁচা তেজেৰে ৰঞ্জিত ভূমি বেদখলমুক্তকৰণত ৰাজ্য চৰকাৰে জনসাধাৰণ অকুণ্য সমৰ্থন লাভ কৰিলে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত কংগ্ৰেছ-ইউডিএফ সকলো বিৰোধিতাৰে আগুৱাই আহিল। কংগ্ৰেছৰ নতুন সেনাপতি শ্বেৰমান আলী আহমেদে হাতত ঘৃণা আৰু অসমবিদ্বেষৰ অস্ত্ৰ্ লৈ অসম আন্দোলনৰ শ্বহীদক ডকাইইত আখ্যা দিলে। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনটোক অপমান, তুচ্ছ-তাচ্ছিল্যৰে থকা-সৰকা কৰিবলৈ অপচেষ্টা চলালে। পৰিণতিত কাৰাগাৰলৈ যাবলগীয়া হ’ল।


দুমাহৰো অধিক দিন কাৰাগাৰত কটাই মুকলি আকাশৰ তললৈ অহা শ্বেৰমান আলী আহমেদৰ নিজৰ ঘৰখনলৈ মনত পৰিল। তাতেই ভাল। সকলো একে। অূবৈধ বাংলাদেশী, লুঙী-টুপীৰ কথা সকলোৰে মুখে মুখে। কংগ্ৰেছতকৈ পুৰণি ঘৰখনত থাকি যুঁজখন অধিক ভালদৰে চলাব পাৰিব বুলি বিশ্বাস উপজি তেওঁ হাত এৰি তলা-চাবিলৈ মন মেলিলে। অৱশ্যে এতিয়াও ইয়াৰ নিশ্চিতি দিয়া নাই। হাত এৰিব, সেইটো প্ৰায় নিশ্চিত কৰিছে। তেওঁ সমষ্টিবাসীৰ সৈতে আলোচনা কৰিহে পৰৱৰ্তী দলটো ঠিক কৰিব বুলি সংবাদ মাধ্যমৰ াগত কৈছে। কিন্তু বুজাই ঠিকেই বুজিছে. মানে চেনাই মই ঘৰলৈ যাওঁ লেখীয়া।

8 views0 comments