ছাত্ৰীক যৌন নিৰ্যাতন চলাই কাৰগাৰ পালেগৈ ছিপাঝাৰৰ লম্পট শিক্ষক




ছাত্রীক যৌন আতিশয্য চলাই ৰঙাঘৰ পালেগৈ এজন শিক্ষক। সভ্য সমাজক লজ্জানত কৰা শিক্ষকজন ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তর্গত শালমাছউঠা প্রাথমিক বিদ্যালয়ৰ কুশেশ্বৰ বৰা৷ লম্পট শিক্ষকজনে

বিদ্যালয়তে ধনৰ প্রলোভন দি ছাত্রী এগৰাকীক যৌন নির্যাতন চলাইছিল।


লম্পট শিক্ষকজনৰ বিৰুদ্ধে ছাত্রীগৰাকীৰ পৰিয়ালে ছিপাঝাৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে শিক্ষক বৰাক কাৰাগাৰলৈ প্রেৰণ কৰে৷ লম্পট শিক্ষকজনৰ কাণ্ডই ছিপাঝাৰ অঞ্চলত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।

7 views0 comments