জুপুৰিত সোমাল দ্ৰুতবেগী ট্ৰাক, ৬জনৰ শোকাৱহ মৃত্যু




উত্তৰ প্ৰদেশৰ গাজীপুৰৰ মহম্মদাবাদ থানাৰ অন্তৰ্গত অহিৰৌলী গাঁৱত আজি অৰ্থাৎ মঙলবাৰে পুৱা সংঘটিত এটা ভয়ংকৰ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু হয়। দ্ৰুতগতিৰ ট্ৰাক এখন পথৰ দাঁতিত থকা জুপুৰিত সোমাই পৰাত দুৰ্ঘটনাটো সংঘটিত হয় আৰু ট্ৰাকখনে ১০জন লোকক মহটিয়াই নিয়ে। ঘটনাত ৪জন লোকৰ থিতাতে মৃত্যু হয়। দুজনৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয়।


ঘটনাটোৰ লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ক্ষুব্ধ জনতাই মৃতদেহকেইটা পথৰ ওপৰত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।


ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটোত শোক ব্যক্ত কৰে আৰু মৃত্যু হোৱা লোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

3 views0 comments