জুবিন গাৰ্গলৈ যুৱ-ছাত্ৰ পৰিষদৰ চ্যুকাফা বঁটা




অসমৰ ভেটি স্থাপন কৰোঁতা চ্যুকাফাৰ নামেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চলিত বৰ্ষৰ পৰা প্ৰদান কৰিবলগীয়া বঁটাটোৰ প্ৰথমজন ব্যক্তি হিচাপে নিৰ্বাচিত হৈছে যুৱপ্ৰজন্মৰ হৃদস্পন্দনস্বৰূপ কণ্ঠশিল্পী জুবিন গাৰ্গ। তেওঁলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা ৷ সোণাৰিত অনুষ্ঠিত চ্যুকাফা দিৱসৰ অনুষ্ঠানত এই ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব এই বঁটা।


জুবিন গাৰ্গক গুৱাহাটীত প্ৰদান কৰা হ'ব বঁটাটো। সোণাৰিত অনুষ্ঠিত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ সাংস্কৃতিক সন্ধিয়া এইকথা ঘোষণা কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে।

1 view0 comments