জুৱাখেলত অঘটন : ফিল'বাৰীত এজনক নৃশংস হত্যা, এজনৰ ভাঙিলে হাত




তিনিচুকীয়াৰ ফিল'বাৰীত জুৱা খেলক কেন্দ্ৰ কৰি সংঘটিত হৈছে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড। হত্যাকাণ্ডটোত নিহত গোপী মুড়া নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হৈছে ফিল'বাৰীৰ টিংখাং গাঁৱৰ সমীপত থকা কাঁচিজান বনাঞ্চলত।


জানিব পৰা মতে, দিপাৱলীৰ নিশা একেলগে জুৱা খেলা মণিৰাম দাস নামৰ লোকজনে গোপী মুড়াক হত্যা কৰে। মণিৰাম দাসে পৱন তাঁতী নামৰ আন এজন লোকৰো হাত ভাঙি দিয়ে।




অভিযুক্ত মণিৰাম দাস বৰ্তমান পলাতক। আৰক্ষীয়ে ইতিমধ্যে গোপী মুড়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ফিল'বাৰীত চাঞ্চল্য বিৰাজ কৰিছে।

10 views0 comments