টুইটাৰতো জনপ্ৰিয়, প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ শীৰ্ষত নৰেন্দ্ৰ মোদী




জনপ্ৰিয়তাৰে বিশ্বৰ সকলো প্ৰভাৱশালী নেতাক ক'ৰবাতে পিছ পেলাই থৈ অহা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সামাজিক মাধ্যমতো ফেৰ মাৰিব পৰা নাই আমেৰিকা, ইউৰোপ, লেটিন আমেৰিকা আদি অঞ্চলৰ বাঘা বাঘা নেতা।

তেওঁ জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰৰ ৫০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে।



উপভোক্তা চোৰাংচোৱা সংস্থা ব্ৰেণ্ডৱাচৰ বাৰ্ষিক গৱেষণাৰ ভিত্তিত প্ৰস্তুত কৰা টুইটাৰৰ আটাইতকৈ প্ৰভাৱশালী শীৰ্ষ ৫০জন তালিকাত প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত থকাজন হৈছে আমেৰিকান গায়ক টেইলৰ ছুইফ্ট। আনহাতে, বিশ্বৰ প্ৰভাৱশালী ৰাজনীতিকৰ কথা আহিলে মোদী শীৰ্ষত আছে। সংস্থাটোৱে প্ৰকাশ কৰা তালিকাত প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ নামো অন্তৰ্ভুক্ত হৈছে। তালিকাত শচীনে বহুতো চেলিব্ৰিটিক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত আছে আমেৰিকান অভিনেতা ডোৱেন জনছন, লিওনাৰ্ডো ডিকেপ্ৰিঅ’ আৰু আমেৰিকাৰ প্ৰাক্তন প্ৰথম মহিলা মিচেল অ’বামা আদি।


প্ৰতিষ্ঠানটোৱে কৈছে যে শচীনে দুৰ্বল শ্ৰেণীৰ বাবে নিৰন্তৰ মাত মাতি আহিছে। তেওঁক তালিকাৰ ৩৫সংখ্যক স্থানত ৰখা হৈছে।



ইফালে, অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছ, নিকি মিনাজ, বিয়ন্সে, লুইছ টমলিনছন, ব্ৰুনো মাৰ্চ, লাইম পেইন আৰু টাকাফুমি হোৰীকো ‘ব্ৰেণ্ডৱাচ’ৰ এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তালিকাত স্থান লাভ কৰা সকলৰ ভিতৰত ৬১ শতাংশ পুৰুষ আৰু ৩৯শতাংশ মহিলা। আনহাতে তালিকাত স্থান লাভ কৰা ব্যক্তিসকলৰ ৬৭ শতাংশ লোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ, ১৩ শতাংশ ব্ৰাজিলৰ।

2 views0 comments