ডিগবৈত কুঠাৰেৰে আঘাত কৰি মহিলাৰ হত্যা : থানাত আত্মসমৰ্পণ ঘাতকৰ




ডিগবৈৰ শুকানপুখুৰীত এগৰাকী মহিলাক কুঠাৰেৰে আঘাত কৰি হত্যা কৰা হয়। ঘটনাটোত আহত হৈছে পেটুৱা মুড়া নামৰ এজন লোক।  আনহাতে, নিহত মহিলাগৰাকীৰ নাম হ'ল- লক্ষ্মী ৰিকিচান।



জানিব পৰা মতে, ৰাজেন মুড়া নামৰ লোকজনে এখন কুঠাৰেৰে পুৱা শুই থকা অৱস্থাতে দুয়োকে আঘাত কৰে। ঘটনাৰ পিছতে ৰাজেন মুড়াই ৰক্তাক্ত কুঠাৰখনৰে সৈতে ডিগবৈ থানাত আত্মসমৰ্পণ কৰে।

6 views0 comments