ড্ৰাগছৰ নিচাত নিঃশেষ হৈছে অসমৰ যুৱপ্ৰজন্ম, আফগানিস্তানৰ পিছত এতিয়া দক্ষিণ পূব এছিয়াৰ 'সোণালী ত্ৰিভুজ


পূৰ্বে জলপথেৰে আফগানিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা হৈছিল ড্ৰাগছ । কিন্তু এতিয়া সোণালী ত্ৰিভুজ খ্যাত থাইলেণ্ড, মাউচ আৰু ম্যানমাৰক লৈ গঠিত এটা অঞ্চল হৈ পৰিছে অসম ৰাজ্যৰ বাবে নতুন আতংকৰ নাম । শাসনলৈ আহিয়েই অসমক ড্ৰাগছ মুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোন বাস্তৱৰ পৰা ক্ৰমাৎ দূৰলৈ গতি কৰিছে । ম্যানমাৰ-ভাৰত সীমান্তৰ বহু কিলোমিটাৰজোৰা উন্মুক্ত অঞ্চলৰ সুবিধা লৈ সোণালী ত্ৰিভুজৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ কোটি টকাৰ ড্ৰাগছ অসমলৈ সৰবৰাহ হৈ আছে আৰু হাজাৰ হাজাৰ পৰিয়াল ধ্বংস হৈছে । বিশ্বৰ ভিতৰতে ২৫ % ড্ৰাগছ উৎপন্ন কৰা সোণালী ত্ৰিভুজৰ পৰা ভাৰত তথা অসমলৈ হোৱা ড্ৰাগছ আমদানিৰ কাৰ্যত উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠন এনএছচিএন(ইছাক-মুইভা), চীন-পাকিস্তানৰ এজেঞ্চি তথা নাগালেণ্ড, মণিপুৰৰ বহু প্ৰভাৱশালী ব্যক্তিও জড়িত আছে বুলি জানিবলৈ পোৱা গৈছে । অসমলৈ হোৱা ড্ৰাগছৰ সৰবৰাহ জলপ্ৰপাতৰ আৰ্হিত কৰা হয় বুলি নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনায় । তেওঁ জনোৱা মতে, ম্যানমাৰৰ পৰা হাজাৰ কোটি টকাৰ ড্ৰাগছ একেলগে অনা হয় যদিও ডিমাপুৰৰ পৰা কেৱল ২-ৰ পৰা ৫ কোটি টকাৰ ড্ৰাগছহে অসমলৈ বিভিন্ন জিলালৈ প্ৰেৰণ কৰা হয় যাক পিছত আকৌ পৰিমাণ কমাই কমাই বিভিন্ন ঠাইবোৰত বিতৰণ কৰা হয় । উল্লেখযোগ্য যে ডিমাপুৰৰ ড্ৰাগছ মাফিয়াই ভুৱা নামেৰে অসমৰ ড্ৰাগছ মাফিয়াৰ লগত যোগাযোগ কৰা, ড্ৰাগছ মাফিয়াই গাড়ীৰ ইঞ্জিন, বাম্পাৰ, টায়াৰ আদিৰ মাজত ড্ৰাগছ সৰবৰাহ কৰা আৰু এখন ছিম কাৰ্ড এবাৰহে ব্যৱহাৰ কৰাৰ কথাও তদন্তত জানিবলৈ পোৱা গৈছে ।



21 views0 comments