তৃতীয় লহৰ : ভাৰতত এদিনতে ৯০ হাজাৰ কৰোনা পজিটিভ, ৪০% বৃদ্ধি পজিটিভিটী




কৰোনাৰ তৃতীয় লহৰে দেশখনত ভয়ংকৰ ৰূপ কৰিবলৈ আৰম্ভ কৰিছে। বিগত ২৪ ঘন্টাত দেশখনত অভাৱনীয় হাৰত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। সময়ছোৱাত কৰোনা পজিটিভৰ সংখ্যা হৈছে ৯০, ৯২৮জন।

সংখ্যাটো দেখি বিশেষজ্ঞ মহল স্তম্ভিত হৈ পৰিছে। আশংকা কৰিছে যে ডেল্টাৰ দৰেই অমাইক্ৰনৰ দ্ৰুতগতিত সংক্ৰমণ বাঢ়িব।ফেব্ৰুৱাৰী লৈকে দেশখনত প্ৰতিদিনে ১০ লাখ লোক কৰোনাত আক্ৰান্ত হ'ব পাৰে।




স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রালয়ৰ তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ৯০ হাজাৰ ৯২৮জন। এই সংখ্যাটো মঙলবাৰৰ তুলনাত দেৰগুণৰো অধিক। পটিজিভিটী হাৰ একেনিশাতে বৃদ্ধি পাই হৈছেগৈ ৬.৪৩ শতাংশ। এয়া আগৰ দিনতকৈ প্রায় ৪০ শতাংশ অধিক।


ইফালে দেশত অমাইক্ৰনত আক্রান্তৰ সংখ্যা বাঢ়ি হৈছে ২ হাজাৰ ৬৩০জন। অকল মহাৰাষ্ট্রতে আক্রান্ত ৭৯৭জন। দিল্লীত আক্রান্ত ৪৯৫জন।


আনহাতে বিগত ২৪ ঘণ্টাত ভাৰতত মৃত্যু হৈছে ৩২৫জন কৰোনা আক্ৰান্তৰ।এতিয়ালৈকে দেশখনত পর্যন্ত ৪ লাখ ৮২ হাজাৰ ৮৭৬জনে কৰোনাত প্ৰাণ হেৰুৱাইছে। ইফালে. কৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ সমান্তৰালকৈ দেশত কৰোনা সক্ৰিয় ৰোগীৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি, বর্তমান দেশত কৰোনাত চিকিৎসাধীন ৰেগী ২ লাখ ৮৫ হাজাৰ ১জন। সংখ্যাটো ২৪ ঘন্টাত প্রায় ৭১ হাজাৰ বাঢ়িছে। পৰিসংখ্যাই কয়, দেশত ৩ কোটি ৪৩ লাখ ৪১ হাজাৰ ৮৭৬জন লোক কৰোনাৰ আৰোগ্য লাভ কৰিছে। ইয়াৰ ভিতৰত । যার বিগত ২৪ ঘণ্টাত কৰোনামুক্ত হোৱা ১৯ হাজাৰ ২০৬জনো সোমাই আহে।

1 view0 comments