তৃতীয় লহৰৰ দিশে ভাৰত! ৭০০ অতিক্ৰম অমাইক্ৰনৰ সংক্ৰমণ, অসমতো দুজন!





সমগ্ৰ বিশ্বখন পুনৰ এবাৰ কৰোনাৰ গ্ৰাসত পৰাৰ আশংকাই দেখা দিছে। বিশ্বৰ চৌদিশে দ্ৰুতগতিত অমাইক্ৰনৰ সংক্ৰমণ বৃদ্ধি পাইছে। লগতে ভেকচিন লোৱাৰ ফলত মানৱ দেহত সৃষ্টি হোৱা প্ৰতিৰোধ ক্ষমতাক ভাইৰাছটোৱে দুৰ্বল কৰি গৈ আছে। ইয়ে বিশ্বত এতিয়াও সক্ৰিয় হৈ থকা ডেল্টা প্ৰজাতিটোক পুনৰ মূৰ দাঙি উঠাত সহায় কৰিব পাৰে। ইফালে ভাৰততো মাথোঁ কেইদিনমানৰ ভিতৰতে অ'মাইক্ৰনৰ সংক্ৰমণে সাতশৰ ঘৰ অতিক্ৰম কৰিলে। এইটো দেশখনৰ বাবে শুভলক্ষণ নহয়। সংক্ৰমণৰ হাৰটোৱে তৃতীয় লহৰৰ দুৰ্ভাবনা কঢ়িয়াই আনিছে।


ইয়াকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত আজি (বুধবাৰে) বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক। বৈঠকত ৫ ৰাজ্যৰ নিৰ্বাচৰ বিষয়েও আলোচনা কৰা হ’ব। বিশেষকৈ উত্তৰপ্ৰদেশৰ নিৰ্বাচনৰ বিষয়টোক অধিক প্ৰাধান্য দিয়া হ’ব। একেদৰে পথ পৰিৱহণ আৰু ঘাইপথ, অসামৰিক আৰু টেলিকম বিভাগৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ’ব।


উল্লেখ্য যে দেশত অমাইক্ৰনত আক্ৰান্তৰ সংখ্যা ৭১৭গৰাকীলৈ বৃদ্ধি পাইছে। ২১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি এই ৭১৭গৰাকী অমাইক্ৰন আক্ৰান্তসকল আছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৬৭, দিল্লীত ১৪২, কেৰালাত ৫৭, তেলেংগানাত ৫৫, গুজৰাটত ৪৯ আৰু ৰাজস্থানত ৪৬ জন অমাইক্ৰনত আক্ৰান্ত চিনাক্ত হৈছে। উত্তৰ-পূবৰ মণিপুৰত এজন অমাইক্ৰন পজিটিভ ওলাইছে। আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন বিদেশী তথা কৰোনা পজিটিভ ছাত্ৰৰ দেহত অমাইক্ৰনে থিতাপি লোৱা বুলি সন্দেহ কৰা হৈছে। তেওঁৰ শৰীৰৰ পৰা নমুনা যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে।

6 views0 comments