তামুলপুৰত বৃহৎ অগ্ৰগতি মিত্ৰজোঁটৰ জলেন দৈমাৰীৰ : ষষ্ঠ ৰাউণ্ডলৈ ৩৬,৬৭৮ ভোট লাভ



তামুলপুৰ সমষ্টিত বিজয় নিশ্চিত হৈছে মিত্ৰজোঁটৰ ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰীৰ। ষষ্ঠ ৰাউণ্ডৰ অন্তত দৈমাৰীয়ে ৩৬,৬৭৮টা ভোট লাভ কৰিছে। সমষ্টিটোত বৰ্তমানলৈ কংগ্ৰেছৰ স্থান চতুৰ্থ। দলটোৰ প্ৰাৰ্থী ভাস্কৰ দাহালে মাথোঁ ৪,৮১৭টা ভোট লাভ কৰিছে। দ্বিতীয় স্থানৰ প্ৰাৰ্থী তথা বিপিএফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে ১০,৫২৯টা আৰু তৃতীয় স্থানত থকা জিএছপিৰ ব্ৰজেন নাথ ডেকাই ৮,৩১৭টা ভোট পাইছে। সমষ্টিটোত ১০ৰো অধিক ৰাউণ্ডত ভোটগণনা হ'ব বুলি জানিব পৰা গৈছে।

1 view0 comments