থাওৰাত ৩০ হাজাৰ ভোটত ৰাইজৰ দলক পৰাস্ত বিজেপিৰ সুশান্তৰ




থাওৰা সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে বিজেপিৰ সুশান্ত বৰগোঁহায়ে। তেওঁ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক ৩০,৫৬১টা ভোটত পৰাজিত কৰে। সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে মাথোঁ ৫,৮৯২টা ভোটহে লাভ কৰে। সমষ্টিটোত কংগ্ৰেছ একপ্ৰকাৰ ধূলিসাৎ হৈ পৰিল। অথচ কেইমাহমান পূৰ্বলৈকে থাওৰা কংগ্ৰেছৰ দখলত আছিল।



আমাৰ হাতত পৰা তথ্য অনুসৰি, সমষ্টিটোৰ বিজয়ী প্ৰাৰ্থীজনে ৫৪,৯৫৬টা ভোট লাভ কৰিছে। ইয়াৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে ২৪,৩৯৫টা ভোট পায়।

5 views0 comments