দহ বছৰীয়া হ'ল সুধাকণ্ঠবিহীন অসম : মুখ্যমন্ত্ৰী ড০ শৰ্মাৰো আৱেগিক স্মৰণ





চকুৰ পচাৰতে এটা দুটাকৈ বছৰবোৰ পাৰ হৈ গ'ল। সুধাকণ্ঠবিহীন অসম দহ বছৰীয়া হ'ল। আজি বিশ্ববৰেণ্য শিল্পীগৰাকীৰ ১০সংখ্যক মৃত্যুবাৰ্ষিকী৷ দিনটোত প্ৰতিজন অসমীয়াই হৃদয়ৰ শিল্পীগৰাকীক অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছে। অনুভৱ কৰিছে ভূপেনদাৰ অবিহনে অসমখন কিমান অসহায়। সুধাকণ্ঠৰ প্ৰতিটো গীত, প্ৰতিটো শিল্পকৰ্মই অসমীয়াক দিশৰ সন্ধান দিছিল। জীৱনক উদযাপন কৰাৰ সমল যোগাইছিল। তেওঁৰ অবৰ্তমানত অসম যেন বঠাবিহীন নাও এখনতহে উঠিল।



তেওঁৰ বৈকুণ্ঠপ্ৰয়াণৰ পৱিত্ৰ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়- ভূপেনদাৰ গীতৰ প্ৰতিটো শব্দই মোক কৰি তোলে উজ্জীৱিত। সমাজখনৰ বাবে কিবা হ'লেও অকণমান কৰাৰ বাবে উদ্বুদ্ধ কৰে ভূপেনদাৰ মানৱীয়তাৰে ভৰা গীতসমূহে।

আজি পুণ্যতিথিত আপোনাক সশ্ৰদ্ধ স্মৰণ কৰিলোঁ ভূপেনদা। হে সুধাকণ্ঠ ভাৰত ৰত্ন, বৰলুইতে দুবাহুত আপোনাক কঢ়িয়াই লৈ ফুৰিব চিৰদিন-চিৰকাল।

3 views0 comments