দোকানৰ বস্তু আনিবলৈ যোৰহাটলৈ যোৱা অনিমেষ আহিল এটা মৃতদেহ হৈ




”মই আজিলৈ এচাট পিটি নাপালোঁ। সেই ল’ৰাই আজি মাৰ খাই মাৰ খাই প্ৰাণ হেৰুৱালে। সংসাৰৰ পৰা বিদায় ল’লে।”- এই বেদনাসিক্ত ভাষ্য যোৰহাটত দানৱৰ দলৰ হাতত প্ৰাণ হেৰুওৱা অনিমেষৰ দুখুনী মাতৃৰ।


পুত্ৰক অকালতে হেৰুৱাই ক্ৰন্দনত ভাগি পৰা মাতৃগৰাকীয়ে থোকাথুকি মাতেৰে কয় যে পুৱা ভাত-পানী খাই দোকানৰ বস্তু আনিবৰ বাবে যোৰহাটলৈ গৈছিল অনিমেষ। বিধিৰ কি বিপাক, তাৰ পিছত এটা মৃতদেহ হৈ এম্বুলেঞ্চত আহিল অনিমেষ।


বৰ্বৰ দলটোৰ আক্ৰমণত অনিমেষে প্ৰাণ হেৰুওৱা খবৰটো মাতৃক দিয়া হোৱা নাছিল। কোৱা হৈছিল, অলপ আঘাত পাইছে। এই সন্দৰ্ভত মাতৃগৰাকীয়ে কয়, ”সন্ধিয়া নবৌয়ে মোক কৈছিলে যে অনিমেষে অলপ আঘাত পাইছে। কিন্তু সকলো মানুহ গাড়ীৰে যোৱা দেখি মোৰ সন্দেহ হৈছিল, হয়তো কিবা বেছিকৈ হৈছে।তথাপিও ভৱা নাছিলোঁ তাক এনেদৰে মাৰি পেলাব বুলি।”



এইদৰে এজন মাতৃৰ বুকু শুদা কৰি নৰপিশাচকেইটাই অনিমেষক নিৰ্মমভাবে হত্যা কৰিলে। এজন ব্যক্তিক সহায় কৰাৰ প্ৰতিদান যদি বৰ্বৰোচিত হত্যাকাণ্ড হয়, পৃথিৱীত মানৱতা বুলি কিবা থাকিবনে? দ্ৰুত বিচাৰেৰে উচিত শাস্তি বিহি এই হত্যাৰ উত্তৰ দিব লাগিব।

27 views0 comments