দুপালি ভেকচিন কিয় প্ৰয়োজন




অমাইক্ৰনৰ সংক্ৰমণ বৃদ্ধিৰ সমান্তৰালকৈ বিশ্বজুৰি ভেকচিনক লৈ কেইটামান প্ৰশ্ন জোৰদাৰ হৈ পৰিছে। কৰোনাৰ এই প্ৰজাতিটোৰ সৈতে যুঁজিবলৈ ভেকচিন সক্ষমনে? ভেকচিনৰ দুয়োটা পালি লোৱা লোক কিয় সংক্ৰমিত হৈছে? ইয়াৰ কাৰণ কি? অমাইক্ৰনৰ সৈতে মোকাবিলা কৰাত কৰোনা ভেকচিন প্ৰভাৱশালী নহয় নেকি? কৰোনাৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰা লোকসকল ভাইৰাছটোৰ পৰা সুৰক্ষিত নহয় নেকি? টিকাকৰণৰ পৰা লাভেইবা কি?


বিশেষজ্ঞৰ মতে, কৰোনা ভেকচিন লোৱা লোকৰ তুলনাত নোলোৱাসকলে ভাইৰাছটোত আক্ৰান্ত হোৱাৰ সম্ভাৱনা দহ গুণ অধিক আৰু মৃত্যুৰ সম্ভাৱনা ২০ গুণ অধিক। দুয়োপালি ভেকচিন লোৱা অমাইক্ৰনত সংক্ৰমিত লোক হাস্পতালত ভৰ্তি হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে যথেষ্ট কম। পৃথিৱীত কৰোনা ভেকচিন উপলব্ধ হোৱা এবছৰ হ’ল। সময়ৰ লগে লগে ভেকচিনৰ পৰা প্ৰাপ্ত সুৰক্ষাৰ মাত্ৰা কমি যায়। তদুপৰি ব্যক্তিভেদে কৰোনাৰ পৰা সুৰক্ষা লাভৰ মাত্ৰাও ভিন্ন। ইয়াৰ প্ৰভাৱ ভিন্ন বয়সৰ লোকৰ বাবে ভিন্ন হয়। তদুপৰি, ৰোগ প্ৰতিৰোধ ক্ষমতা সকলেো লোকৰ ভিন্ন ভিন্ন হয়। সেয়ে কেন্দ্ৰীয় চৰকাৰে বুষ্টাৰ ডোজৰ দিহা কৰিছে। ভেকচিনে সাধাৰণভাৱে আক্ৰান্ত লোকৰ তুলনাত গম্ভীৰ পূৰ ধাৰণ কৰা আক্ৰান্তক অধিক সুৰক্ষা দিয়ে। ভেকচিনে কৰোনাৰ সংক্ৰমণ ৰোধ কৰাতকৈ শিশু, গৰ্ভৱতী, বয়স্ক লোক তথা জটিল অসুখৰ সৈতে যুঁজি থকা কৰোনা আক্ৰান্তক গুৰুতৰ অৱ্স্থাত পতিত হোৱাৰ সুৰক্ষা দিয়ে। অৰ্থাৎ ভেকচিনে কৰোনাৰ সংক্ৰমণ ৰোধ নকৰে, সংক্ৰমিত লোকক ইয়াৰ ভয়াৱহতাৰ পৰা সুৰক্ষিত কৰি ৰাখে।


ইয়াৰ লগতে বিশেষজ্ঞসকলে ভাৰতত কৰোনাবিধি কঠোৰভাৱে পালন হোৱাটো বিচাৰিছে। বিশেষকৈ উৎসব-পার্বণত কৰোনাবিধি পালনত কঠোৰ নহ’লে ভাৰতত অমাইক্ৰনৰ সংক্ৰমণ ৰোধ কৰাটো সহজ নহ’ব। ই দ্ৰুতগতিত বাঢ়িব।


গতিকে, ভেকচিনক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে দুয়োপালি ভেকচিন লৈ কৰোনাৰ ভয়াৱহতাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখাটো অধিক বাস্তৱসন্মত। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ভেকচিন দিয়াৰ ্ৰ্থে অভিযান চলাই আছে। অসমতো ব্যাপক হাৰত অভিযানটো চলি আছে। ইয়াক ৰাজ্যখনত সফল কৰিবলৈ প্ৰতিগৰাকী অভিভাৱক আগবাঢ়ি অহাটো সময়ৰ দাবী। দেশখনৰ সকলো লোক ভেকচিনৰ দ্বাৰা সুৰক্ষিত হৈ থাকিলে কৰোনাৰ সংক্ৰমণ বৃদ্ধি পালেও ক্ষতিৰ দিশটো নিয়ন্ত্ৰণত থাকিব। হাস্পতালত বিছনা, অক্সিজেনৰ প্ৰয়োজন কমিব। কৰোনাৰ দ্বিতীয় লহৰৰ দৰে দেশখনত অবাঞ্ছিতভাৱে লোকৰ মৃত্যুৰ হাৰ নাইকিয়া হৈ পৰিব। তদুপৰি, লকডাউনৰ দৰে জনগণৰ স্বাভানিক জীৱনযাত্ৰা ব্যাহত কৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰা চৰকাৰ বিৰত থাকিব পাৰিব। ইয়ে দেশৰ অৰ্থনীতিক বিৰূপ প্ৰভাৱৰ পৰা যথেষ্টখিনি মুক্ত কৰি ৰাখিব। মানুহৰ জীৱন-জীৱিকতাৰ ইয়াৰ কু-প্ৰভাৱ হ্ৰাস পাব। ভোকত মানুহ মৰিবলগীয়া নহ’ব।

5 views0 comments