দীপাৱলী : জনগণলৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ শুভকামনা




আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই সকলোৰে কুশল-মংগল কামনা কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ ক'ৱিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।


ৰাষ্ট্ৰপতি ৰামনাথ ক'ৱিন্দে দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই কৈছে যে পৱিত্ৰ দীপাৱলী উপলক্ষে মই দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দীপাৱলী হৈছে অশুভৰ ওপৰত ভালৰ উৎসৱ আৰু অন্ধকাৰৰ ওপৰত পোহৰৰ জয়। আহক, আমি সকলোৱে এই উৎসৱটো পৰিষ্কাৰ আৰু সুৰক্ষিতভাৱে উদযাপন কৰোঁ আৰু পৰিৱেশ সুৰক্ষাৰ দিশত অৱদান আগবঢ়োৱাৰ সংকল্প লওঁ।


ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰী মোডীয়ে কয়- “পৱিত্ৰ দীপাৱলীৰ উপলক্ষে দেশৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই কামনা কৰোঁ যে পোহৰৰ এই উৎসৱে আপোনালোক সকলোৰে বাবে সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনিব।”



আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে অসমবাসীলৈ যাচিলোঁ আন্তৰিক শুভকামনা। আন্ধাৰ নাশি বন্তিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।

3 views0 comments