দিপাৱলীত কমিব খোৱা তেলৰ পাইকাৰী মূল্য




দিপাৱলীত ৰাইজক অলপ সকাহ দি হ্ৰাস কৰা হল খোৱাতেলৰ পাইকাৰী মূল্য । লিটাৰত ২২০-২৭০ টকাৰে ৰাইজক সৰিয়হ ফুল দেখুওৱা খোৱাতেলৰ পাইকাৰী মূল্য প্ৰতি লিটাৰত ৪-৭ টকালৈ কমিব বুলি শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । আদানী উইলমাৰ আৰু ৰুচি ছয়াৰ দৰে কোম্পানীবোৰে ইতিমধ্যে নিজৰ উৎপাদিত তেলৰ দাম কমাইছে । চলভেণ্ট এক্সট্ৰেক্টছ এছ'চিয়েছন(এছ ই এ)-য়ে শেহতীয়াকৈ সিদ্ধান্ত লৈছিল যে ইয়াৰ সদস্য কোম্পানীবোৰে খোৱা তেলৰ দাম কমাব । সেইমৰ্মে, জেমিনি এদিবল অইল আৰু ফেটছ ইণ্ডিয়া, মোডী ন্যুট্ৰলছ, গোকুল ৰিফাইন, গোকুল এগ্ৰ', বিজয় চলভেক্স আদি কোম্পানীয়ে তেলৰ পাইকাৰী মূল্য কমাইছে । উল্লেখযোগ্য যে তেলৰ 'পাইকাৰী' মূল্যহে কমোৱাৰ কথা সদৰি কৰা হৈছে । খুচুৰা মূল্য কি হিচাপত কমিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । তদুপৰি খোৱাতেলৰ মূল্য বিগত কেইটামান মানত ইমান ভয়াবহ মাত্ৰাত বৃদ্ধি পালে যে প্ৰতি লিটাৰত মাত্ৰ ৪-ৰ পৰা ৭ টকালৈ হ্ৰাস কৰা সিদ্ধান্তই গ্ৰাহকক ইমান বেছি একো সকাহ দিব নোৱাৰে । আৰু এয়া পাইকাৰী মূল্যৰ ক্ষেত্ৰতহে, খুচুৰা মূল্যৰ হ্রাসৰ মাত্ৰা স্বাভাৱিকতে তাতকৈও কম হ'ব । খুচুৰা মূল্য খুব বেছি মাত্ৰ ৩-৫ টকালৈকেহে কমিব পাৰে ।

11 views0 comments