" দীপাৱলীত ব্যবহৃত কলগছ সমূহ বন্যহস্তীলৈ বুলি, সৃষ্টিৰ মহান প্ৰচেষ্টা "





প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক অতীজৰেপৰাই চলি অহা এনাজৰীৰ সম্পৰ্ক। এই সম্পৰ্কক দৃঢ় কৰি আগুৱাই যোৱাৰ প্ৰচেষ্টাত যোৱাবেলি দীপাৱলীত ব্যবহৃত কলগছ সমূহ মানাহ ৰাষ্ট্ৰীয় উদ্যানত থকা হাতী সমূহলৈ বুলি নিবলৈ সৃষ্টি নামৰ বেচৰকাৰী সংস্থাটোৰ ফালৰ পৰা এক প্ৰচেষ্টা কৰা হয় আৰু এই প্ৰচেষ্টাত তেওলোক যথেষ্টখিনি সফল হয়।যোৱাবাৰ নলবাৰী চহৰ আৰু ইয়াৰ আশে পাশে থকা ঠাইসমূহ যেনে চামতা, ককয়া, বৰকুৰা আদিৰ দৰে ঠাইৰ পৰা কলপুলি সমূহ মিউনিচিপেলিটি আৰু সৃষ্টিৰ সদস্য সমূহৰ সহায়ত প্ৰায় ৩০০০ কলপুলি একত্ৰিত কৰি নলবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত ইয়াক হাতীয়ে খোৱাৰ উপযোগী কৰি লৈ যোৱা হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ। যোৱাবাৰৰ উৎসাহ আৰু শুভাকাংক্ষী সকলৰ দিহা পৰামৰ্শৰ প্ৰতি আকৃষ্ট হৈ এইবাৰো সৃষ্টি য়ে প্ৰায় ৬০০০ কলপুলি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ নিবলৈ পৰিকল্পনা হাতত লৈছে । আহক আমি সকলোৱে হাতী সমূহলৈ বুলি এই সেৱা আগবঢ়াওঁ। সৃষ্টি য়ে দেখুৱাই দিয়া এই মহান পদক্ষেপক অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো বেচৰকাৰী সংস্থাই আগুৱাই আহি এই মহান কামত আগভাগ ললে নিশ্বয়কৈ কিছু হলেও সকাহ লাভ কৰিব হাতী মানুহ ৰ সংঘৰ্ষৰ কাৰকবোৰে ।

11 views0 comments