দীপাৱলীৰ পুৱা ভূমিকম্পৰ মৃদু জোকাৰণিত কঁপিল অসম




দীপাৱলীৰ পুৱা এটা কম প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় অসম। আজি পুৱা ১০.১৯ বজাত অনুভূত হয় জোকাৰণিটো। ভূমিকম্পটোৰ পৰা অসমত কোনো ধৰণৰ ক্ষতি হোৱা নাই।


ভূমিকম্পৰ মৃদু জোকাৰণিয়ে গুৱাহাটীৰ উপৰি ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল সামৰি লয়। বিশেষকৈ উজনি অসমত ইয়াক ভালদৰে অনুভূত হয়। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৩.৭। অভিকেন্দ্ৰ হৈছে শোণিতপুৰ জিলা।

5 views0 comments