'দ্য প্ৰমিজ'ৰে বুকাৰ বঁটা লাভ আফ্ৰিকান লেখক ডেমন গালগুটৰ





২০২১ বৰ্ষৰ বুকাৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে দক্ষিণ আফ্ৰিকাৰ লেখক ডেমন গালগুট। উপন্যাস ‘দ্য প্ৰমিজ’ৰ বাবে তেওঁ লাভ কৰিছে এই সন্মানীয় বঁটা। ডেমন গালগুটৰ লগত এইবাৰ বঁটাটোৰ দৌৰত আছিল জনপ্ৰিয় লেখক ৰাচাৰ্ড পাৱাৰছ।


উল্লেখ্য যে ডেমন গালগুটৰ ১৯৬৩ চনৰ ১২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ প্ৰিট’ৰিয়াত জন্ম হয়। তেওঁ কিশোৰ অৱস্থাতে সাহিত্যৰ জগতখনত ভৰি থৈছিল। মাত্ৰ ১৭ বছৰ বয়সতে লিখি উলিয়ায় প্ৰথমখন উপন্যাস। বুকাৰ বঁটা লাভ কৰা ডেমনৰ উপন্যাস 'দ্য প্ৰমিজ'ত বৰ্ণিত হৈছে দক্ষিণ আফ্ৰিকাৰ এটা স্বেতাংগ কৃষক পৰিয়ালৰ কাহিনী।উপন্যাসখনৰ জৰিয়ত তেওঁ দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যক তুলি ধৰিছে।


গালগুট ইয়াৰ পূৰ্বে ২০০৩ আৰু ২০১০ চনত বুকাৰ বঁটাৰ বাবে মনোনীত হৈছিল। অৱশেষত ২০২১ চনত তেওঁৰ জীৱনলৈ আহে বুকাৰ বঁটাটো।

2 views0 comments