দেশক আৰু নালাগে, ৰসাতলে যাওক কংগ্ৰেছ




কৰোনা প্ৰৱাহৰ মাজতে দেশৰ পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচন। নিৰ্বাচনটোৰ অন্যতম লক্ষণীয় দিশটো হৈছে ইয়াৰে সিংহভাগ ৰাজ্যত আছে বিজেপিৰ শাসন। পঞ্জাবক বাদ দিলে বাকী ৰাজ্যকেইখনৰ শাসনাধিষ্ঠিত দলৰ ৰূপত আছে বিজেপি। তদুপৰি নিৰ্বাচন অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশত। ভাৰতীয় ৰাজনীতিত প্ৰদেশখনৰ গুৰুত্ব কিমান, সেইটো সকলোৱে বুজি পায়। ২০২৪ চনত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। এই প্ৰেক্ষাপটত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন কিমান গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে, সেইটো কোৱাৰ প্ৰয়োজন নাই। মাথোঁ এটা কথাকেই ক’ব পাৰি যে শাস-বিৰোধী দুয়োপক্ষৰ বাবে পাঁচখনৰ বিধানসভা নিৰ্বাচন জীৱন-মৰণৰ সমান গুৰুত্বপূৰ্ণ। বিজেপি সফল হ’ল হ’ব লাগিলে চাৰিখন ৰাজ্যত পুনৰ শাসনলৈ আহিব লাগিব যিটো নিৰ্বাচনী ৰাজনীতিত কেতিয়াও সহজ নহয়। বিৰোধী সফল হ’ব লাগিলে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব। এইটোও কাৰ্যতঃ অসম্ভৱ যেন হৈ পৰিছে। কোনো এখন ৰাজ্যতে ঐক্যবদ্ধ ৰূপত বিৰোধী শিবিৰক দেখা যোৱা নাই। ইয়াৰ বাবে যদি কোনো দল জগৰীয়া, সেইটো হৈছে কংগ্ৰেছ। সাংগঠনিকভাৱে শক্তিহীন দলটোৰ নেতৃত্বই আজিও গান্ধী-নেহৰু পৰিয়ালৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ব্যস্ত হৈ আছে। বিধানসভা নিৰ্বাচনত জয়ৰ কৃতিত্ব ৰাহুল গান্ধীৰ মূৰত তুলি দিয়াৰ স্বপ্নত আজিও বিভোৰ হৈ আছে নেতৃত্ব। তেওঁলোকে ভাবে যে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নিৰংকুশ জয় সাব্যস্ত হ’ব আৰু জয়ৰ সুবাদত উজ্জ্বল হৈ পৰা ভাবমূৰ্তিৰে ৰাহুল গান্ধীয়ে ২০২৪ চনত অনুষ্ঠিতব্য সাধাৰণ নিৰ্বাচনত বিজেপিক পৰাভূত কৰি দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ সক্ষম হ’ব। ইয়াকে মুৰ্খৰ সৰগত বাস কৰা বুলি কয়।

গোৱা বিজেপিৰ অন্যতম দুৰ্গ। ৰাজ্যখনত নিৰ্বাচনৰ সময়সূচী ইতিমধ্যে ঘোষণা হৈছে। কিন্তু কংগ্ৰেছৰ অৱস্থান কেনে? তাত সকলো বিৰোধী ঐক্যবদ্ধ নহ’লে বিজেপিক পৰাজিত কৰিব পৰা নাযাব, এইটো সৰ্বজনস্বীকৃত সত্য। কিন্তু বিৰোধীক ঐক্যবদ্ধ কৰাত কংগ্ৰেছ নেতৃত্বই উদ্যোগ গ্ৰহণ কৰাৰ বিপৰীতে দূৰত্বহে বৃদ্ধিকৰিবলৈ লৈছে। গোৱাত আপৰ শক্তি বৃদ্ধি পাইছে। খ্ৰীষ্টানধৰ্মীয় লোকৰ মাজত দলটোৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে যে প্ৰাক্ নিৰ্বাচনী সমীক্ষাত সকলোৱে আপক দ্বিতীয় স্থানত ৰাখিছে। তদুপৰি, মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ সাংগঠনিক শক্তিও অনুপেক্ষণীয় হৈ পৰিছে। বিজেপিক শাসনৰ পৰা আঁতৰোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বৰ লক্ষ্য হ’ব লাগিছিল দুয়োটা দলক বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ কৰা। কিন্তু বামপন্থীৰ দৰে অপ্ৰাসংগিকপ্ৰায় ৰাজনৈতিক দলৰ নেজত ধৰিয়েই নিৰ্বাচনী বৈতৰণি পাৰ হ’ব বিচৰা নেতৃত্বৰ হঠকাৰিতাই কংগ্ৰেছক যে খালত পেলাব, সেইটো আজিও বুজি উঠা নাই। ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰ চকীত বহুৱাব বিচৰা তোষামোদকাৰী নেতৃত্ব আৰু গান্ধী-নেহৰু পৰিয়ালৰ টিঙৰ পৰা ননমা আঁকোৰগোজ মনোভাবে দলটোৰ সৰ্বনাশ ননালৈকে বাগৰ সলোৱাৰ সম্ভাৱনা এই মুহূৰ্তত পৰিলক্ষিত হোৱা নাই। পি চিদাম্বৰমে কৈছে, গোৱাৰ শাসনলৈ আহিবলৈ কংগ্ৰেছক আন দলৰ সহায়ৰ প্ৰয়োজন নাই। তেন্তে এটাই কথা ক’ব পাৰি, ৰসাতলে যাওক কংগ্ৰেছ।

অকল গোৱাতেই নহয়, দেশৰ শতিকাপ্ৰাচীন দলটোৰ বাকী চাৰিখন ৰাজ্যতো একেই দুৰ্গতি। একেই দুৰৱস্থা। উত্তৰ প্ৰদেশত দলটোৰ অৱস্থা অসমত অগপৰ তুলনাতো শোচনীয়। অসমত চুঁচৰি-বাগৰি অগপ শাসনৰ অংশীদাৰ হৈ আছে। উত্তৰ প্ৰদেশত কংগ্ৰেছৰ সিমান সৌভাগ্যশালীও নহয়। বাৰে বাৰে পৰীক্ষাগাৰত তুলি ব্যৰ্থতাকে বুকুত সাবটি ল’বলগীয়া হোৱা কংগ্ৰেছ নেতৃত্বই এইবাৰো প্ৰিয়ংকা ৱা্দ্ৰাক সন্মুখত ৰাখি নিৰ্বাচনী যুঁজখন জিকাৰ দিবাস্বপ্নত মগ্ন হৈছে। প্ৰদেশখনত কংগ্ৰেছৰ বাবে নাই কোনো আগশাৰীৰ সহযোগী ৰাজনৈতিক দল। সমাজবাদী পাৰ্টী, বহুজন সমাজবাদী পাৰ্টীয়ে নিজ নিজ পথ লৈছে। ৰাজ্যখনত বিৰোধী ঐক্যমঞ্চ গঠনত কংগ্ৰেছৰ ভূমিকা শূন্য।

পঞ্জাবত কংগ্ৰেছৰ অন্তৰ্কলহ সৰ্বজনবিদিত। দীৰ্ঘকাল মুখ্যমন্ত্ৰী হৈ থকা কেপ্টেইন অমৰিন্দৰ সিঙে দল এৰি নিজাববীয়াকৈ দল গঠন কৰিলে। ৰাজ্যখনত বিজেপিৰ সক্তি পূৰ্বৰে পৰা তুলনামূলকভাৱে দুৰ্বল। তাত আঞ্চলিক দলক প্ৰধান ভূমিকা ল’বলৈ দি বিজেপিয়ে সহযোগী দলৰ চৰিত্ৰ ৰূপায়ণ কৰি আহিছে। ৰাজ্যখনত আপৰ উত্থান লক্ষণীয়। কৃষক আন্দোলনৰ জেৰ লৈ কংগ্ৰেছে পঞ্জাব পুনৰ দখল কৰিব পাৰিব বুলি ভাবে। কিন্তু পথ ইমান সহজ হৈ আছেনে? ক্ষমতাক লৈ খোৱা-কামোৰাত ব্যস্ত দলটোৰ এইবাৰ পতন প্ৰায় নিশ্চিত বুলি চৰ্চিত হৈছে। বাকী দুখন ৰাজ্যতো সম্ভাৱনাৰ দুৱাৰখন কংগ্ৰেছ নেতৃত্বই নিজেই বন্ধ কৰাৰ উপক্ৰম ঘটিছে।

১৩৬ বছৰীয়া প্রাচীন দলটোৱে ৯০ বছৰৰো অধিককাল গান্ধী-নেহৰু পৰিয়ালক শিৰত তুলি ৰাখিছে। নেহৰু আৰু ইন্দিৰা গান্ধীয়ে মিলি প্রধানমন্ত্রী হিচাপে অতিবাহিত কৰিছিল ২৮ বছৰ। ইন্দিরা গান্ধী একেৰাহে ৭ বছৰ দলটোৰ সভাপতি হৈ আছিল। ৰাজীৱ গান্ধী আছিল ছবছৰ। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত পি ভি নৰসিমহা ৰাও ৫ বছৰ দলটোৰ সভাপতি হৈছিল। তাৰে পিছত মাথোঁ ১৮ মাহৰ বাবে সীতাৰাম কেশৰী এআইচিচিৰ সভাপতি হৈছিল। তাৰ পিছত পুনৰ নেহৰু-গান্ধী পৰিয়াল। আজিলৈকে সেই ধাৰা অব্যাহত আছে। সভাপতি ৰূপে ৰাহুল গান্ধীৰ ২০ মাহৰ কাৰ্যকাল বাদ দিলে, বাকি ২৩ বছৰ আসনখন খামোচ মাৰি ধৰি আছে ছোনিয়া গান্ধীয়ে। অথচ ছোনিয়াৰ কাৰ্যকালত কংগ্ৰেছে ৩১.৬ ভাগ ভোটশ্বেয়াৰ হেৰুৱাইছে। লোকসভাত আসমৰ সংখ্যা কিমান কমিছে, সেইটো সকলোৱে দেখিছে। আজিৰ তাৰিখত এটা কথাই ক’ব পাৰি, নেতৃত্বৰ দোষত, গান্ধী-নেহৰু পৰিয়ালৰ অন্ধ আনুগত্যত কংগ্ৰেছ ভাৰতীয় ৰাজনীতিত এটা অচল টকাত পৰিণত হ’বলৈ যোৱা ৰাজনৈতিক দলত পৰিণত হৈছে। দলটোৰ ভৱিষ্যৎ বুলিবলৈ সদ্যহতে একোৱেই নাই। সেয়ে ক’ব পাৰি, ৰসাতলে যাওক কংগ্ৰেছ।

5 views0 comments