ধূলিসাৎ হোৱাৰ দিশে বিৰোধী : পাঁচোটা সমষ্টিত বিজয়ৰ পথে মিত্ৰজোঁট







অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধীৰ অহংকাৰ ধূলিসাৎ হোৱাৰ দিশে আগবাঢ়িছে। কোনো এটা সমষ্টিতে কংগ্ৰেছ, ইউডিএফ, বিপিএফ, ৰাইজৰ দল, চিপিআইকে ধৰি বিৰোধীৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ভোটগণনাৰ আৰম্ভণিৰ পৰাই বেকফুটত আছে বিৰোধী। নিৰ্বাচনী প্ৰচাৰ সভাত বৰ বৰ কথা কোৱা বিৰোধী শিবিৰৰ নেতাসকলে এতিয়া নাক লুকুৱাবলৈ ঠাই বিচৰাত লাগি পৰিছে বুলি ক'লেও বঢ়াই কোৱা নহয়।


আমাৰ হাতত পৰা তথ্য অনুসৰি, ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰে প্ৰায় ২৯ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে। গোঁসাইগাঁৱতো মিত্ৰজোঁটৰ অংশীদাৰ ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে পঞ্চম ৰাউণ্ডৰ অন্তত প্ৰায় ২৪,২৬৩টা ভোটত আগবাঢ়ি আছে।


থাওৰা বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই। তেওঁ প্ৰায় ১৬,১২৯টা ভোটত আগবাঢ়ি আছে তামুলপুৰত ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ অগ্ৰগতি প্ৰায় ১৭ হাজাৰ।



মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ প্ৰায় নিশ্চিত হৈছে। তেওঁ ২৬ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে।

8 views0 comments