নৱনিৰ্মিত উৰণীয়া সেতুৰ নান্দনিক চিত্ৰকৰ্মত পিক পেলাই ৰুচিহীনতাৰ প্ৰকাশ কোন নৰাধমৰ





এচাম নিকৃষ্ট মানসিকতাৰ মানুহৰ বাবে আকৌ এবাৰ অসমবাসীৰ সন্মুখত লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল মহানগৰবাসী। মহানগৰীৰ জিএছ ৰোডৰ দিছপুৰ-খানাপাৰা, ছুপাৰ মাৰ্কেট আৰু লাষ্ট গে’ট সংযোগী উৰণীয়া সেতুখনৰ পিক পেলাই কুৰুচিৰ পৰিচয় দিলে কোনো নৰাধমে। নৱনিৰ্মিত উৰণীয়া সেতুখন দীপাৱলীৰ দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ সেৱাত উছৰ্গা কৰা কথা। ইয়াৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে।


চৰকাৰে উৰণীয়া সেতুখন দৃষ্টিনন্দন কৰি তোলাৰ বাবে দুয়োকাষে শিল্পকৰ্মৰ দিহা কৰিছে। তাত চিত্ৰকৰ্মৰ জৰিয়তে অসমৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা হৈছে। নীলিম মহন্তৰ তত্ত্বাৱধানত ‘টীম লিভিং আৰ্ট’ নামৰ চিত্ৰশিল্পীৰ দলটোৱে অংকন কৰিছে চিত্ৰসমূহ। আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে উৰণীয়া সেতুখন। ইতিমধ্যে মুকলিৰ পূৰ্বে ছেল্‌ফীৰ বাবে হেতা-ওপৰা লাগিছে ছুপাৰ মাৰ্কেট উৰণীয়া সেতুত। সান্ধ্যলোকত ভিৰ কৰিছে অগণন লোৰ। ইয়াৰ মাজতে একাংশ ৰুচিহীন লোকে শিল্পীসকলে অংকন কৰা ছবিসমূহৰ ওপৰত পেলালে পিক। মুকলিৰ পূৰ্বেই কদৰ্যময় কৰি তুলিলে উৰণীয়া সেতুখন। যাৰ বাবে এতিয়া লাজত পৰিবলগীয়া হৈছে

3 views0 comments