নৱবৰ্যত নিযুক্তিৰ জোৱাৰ উঠিব : প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বে ৫০ হাজাৰক মকৰল ড০ শৰ্মা চৰকাৰৰ




অহা ১০ মে’ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি হ’ব। বিগত সময়ছোৱাত চৰকাৰখনে কেইবাটাও চমকপ্ৰদ সিদ্ধান্ত, পদক্ষেপ তথা আঁচনিৰে ৰাজ্যবাসীৰ হৃদয় জয় কৰিবলৈ সমৰ্থ হৈছে। গো-সুৰক্ষা আইন, মাইক্ৰ’ফাইনেঞ্চৰ ঋণগ্ৰস্তাক ৰেহাই, ড্ৰাগছ-গৰুৰ চোৰাং বেহাকে ধৰি অপৰাধ নিয়ন্ত্ৰণ, জনল্যাণমূলক বিভিন্ন আঁচনিৰে চৰকাৰে নিজৰ প্ৰথম বছৰটো জনসাধাৰণে আশা কৰা ধৰণে পাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়া বৰ্ষটো পাৰ হ’বলৈ প্ৰায় তিনি মাহ বাকী। দিনকেইটাও গণ-আকাংক্ষাৰ অনুকুলে যাব বুলি আশা কৰিব পাৰি। সময়ছোৱাৰ সবাতকৈ উল্লেখ্যনীয় কথাটো হৈছে চৰকাৰখনৰ সেনাপতি অৰ্থাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্ৰিয়তা অকণো হ্ৰাস পোৱা নাই। ৰাজ্যখনৰ প্ৰতিটো সমস্যাতে জনসাধাৰণ তথা দল-সংগঠনে মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰে। ইয়াৰ দ্বাৰা সহজে উপলব্ধি কৰিব পাৰি যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ ওপৰত ৰাজ্যখনৰ জনসাধাৰণৰ অপৰিসীম আস্থা আৰু বিশ্বাস আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীৰ দিন দুটা অসমক দুৰ্ঘটনামুক্ত কৰি ৰাখিবলৈ চলোৱা চেষ্টাই তেওঁৰ নেতৃত্বৰ ওপৰত ৰাজ্যবাসীক অধিক আশান্বিত কৰি তুলিছে। লগতে নিৰ্বচানী প্ৰতিশ্ৰুতি ৰক্ষাৰ ক্ষেত্ৰত ড০ শৰ্মাই বিগত প্ৰায় দহমহীয়া কাৰ্যকালত জনসাধাৰণক আশাহত হ’বলৈ দিয়া নাই। তেওঁ বৰ্ষপূৰ্তিৰ পূৰ্বে চৰকাৰখনে অধিক লোকক নিযুক্তি দিব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, ১০ মে’ৰ পূৰ্বে ৰাজ্য চৰকাৰে শিক্ষা, আৰক্ষী, স্বাস্থ্য বিভাগত ৪৬ হাজাৰক নিযুক্তি দিব৷ তেওঁ দুলীয়াজানত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰী কৰে। সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই নিযুক্তিৰ উপৰি কেইবাটাও আন বিষয়ত ৰাজ্য চৰকাৰৰ স্থিতি আৰু অগ্ৰগতিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসম আৰক্ষীত কমাণ্ডো বেটেলিয়নৰ ৫ হাজাৰটা পদ সৃষ্টি কৰা হৈছে৷ ইয়াৰ উপৰি বিভাগটোত প্রায় ১১ হাজাৰটা পদ খালী হৈ আছে৷ অহা ১০ মে’ৰ পূর্বে এই ১৬ হাজাৰটা পদত নিযুক্তি দিয়া হ’ব৷ তদুপৰি মে’ৰ প্ৰথম দুটা দিনৰ ভিতৰত শিক্ষা বিভাগত ২৫ হাজাৰ আৰু স্বাস্থ্য বিভাগত ৫ হাজাৰ পদত নিযুক্তি দিয়া হ’ব৷


মুখ্যমন্ত্ৰী ড০ শৰ্মাই নৱবৰ্ষটোতে মেঘালয় আৰু অৰুণাচল প্রদেশৰে বিৰাজমান সীমা বিবাদ নিষ্পত্তি হ’ব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে মেঘালয় আৰু অৰুণাচল প্রদেশৰে অসমৰ সীমা বিবাদ অতি সামান্য৷ ইতিমধ্যে সেই বিবাদ প্রায় নিষ্পত্তি হোৱাৰ দিশে আগবাঢ়িছে৷ নাগালেণ্ডৰে সীমা বিবাদৰ বিষয়টো বর্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷

মিজোৰামৰে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্রতো অগ্রগতি লাভ কৰা হৈছে৷ অৱশ্যে নাগালেণ্ড আৰু মিজোৰামৰে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্রত কিছু সময়ৰ প্রয়োজন হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

মুখ্যমন্ত্ৰী ড০ শৰ্মাই পি এছ অ’ৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয় যে অহা ১ ফেব্রুৱাৰীৰ পৰা পি এছ অ’ৰ সংখ্যা ৫০ শতাংশলৈ হ্রাস পাব। বিষয়টোত তেওঁ এটা তথ্য আগবাঢ়াই কয়- ‘বর্তমান অসম আৰক্ষীৰ ৪,৮০০জন জোৱান পি এছ অ’ হিচাপে আছে৷ অর্থাৎ প্রায় ৫টা বেটেলিয়নৰ জোৱান পি এছ অ’ৰূপে নিয়োজিত হৈ আছে৷’ এজন ৰাজনৈতিক ব্যক্তিৰ লগত ৫জন পি এছ অ’ জোৱান থাকিলে মাহেকত চৰকাৰৰ প্ৰায় তিনি লাখ টকা ব্যয় হয়। অহা ১ ফেব্রুৱাৰীৰ পৰা ৰাজ্যখনত পি এছ অ’ৰ সংখ্যা ৪,৮০০জনৰ পৰা ৫০ শতাংশ হ্রাস কৰি ২,৪০০জন কৰা হ’ব৷ আনহাতে, মন্ত্রী, সাংবিধানিক পদবীত থকাসকলে কিমানসংখ্যক পি এছ অ’ পাব, সেয়া চৰকাৰে নির্ধাৰণ কৰাৰ লগতে জীৱনৰ প্রতি ভাবুকি থকা লোকসকলৰ ক্ষেত্রত পর্যালোচনা কৰি চৰকাৰে সিদ্ধান্ত ল’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু জানিবলৈ দিয়া মতে, মুখ্যমন্ত্রীৰ কনভয়ত বর্তমান ২২খন গাড়ী থাকে৷ এতিয়াৰে পৰা গুৱাহাটীত মুখ্যমন্ত্রীৰ কনভয়ৰ লগত ৮খনহে গাড়ী থাকিব৷ কনভয়ৰ ভিতৰত আৰক্ষীৰ গাড়ী চাৰি–পাঁচখন থাকিব৷ অৱশ্যে গুৱাহাটীৰ বাহিৰলৈ মুখ্যমন্ত্রী গ’লে নিয়ম অনুসৰি সংশ্লিষ্ট জিলাৰ অভিভাৱক মন্ত্রী, আৰক্ষী অধীক্ষক, উপায়ুক্ত যিহেতু থকাটো নিয়ম, সেয়ে তাত কনভয়ত গাড়ীৰ সংখ্যা স্বাভাৱিকতে কিছু বৃদ্ধি পাব৷

আনহাতে, এইবাৰ অসম আৰক্ষীৰ আন্তঃগাঁথনিৰ বাবে চৰকাৰে ২,৫০০ কোটি টকা খৰচ কৰাৰ লগতে ৩৫৮খন থানাত নতুন গাড়ী যোগান ধৰা হ’ব বুলি প্রকাশ কৰে৷ যোৱা ৮ মাহত অসম আৰক্ষীয়ে সফলতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে বুলি প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সময়ছোৱাত আৰক্ষীয়ে চাকৰি প্রার্থীৰ পুলিচ ভেৰিফিকেচন, পাছপ’ট ভেৰিফিকেচন এমাহৰ ভিতৰতে দিয়াৰ লগতে ৫৫ হাজাৰ লোকক দুর্ঘটনাৰ ৰিপ’ট ঘৰত দি থৈ আহিছে৷ আৰক্ষী অধীক্ষক সন্মিলনখনত মুখ্যমন্ত্রী ড০ শর্মাই বর্তমান আনৰ বেংক একাউণ্টৰ পৰা চাইবাৰ ক্রাইমযোগে ধন লুটৰ ঘটনা সংঘটিত হোৱাৰ বিষয়টো উনুকিয়াই এই অপৰাধ নির্মূলৰ ক্ষেত্রতো আৰক্ষীক পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷

ইফালে, ২০১৩ চনৰ আৰম্ভণিতে অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধ আঁচনিৰ আবণ্টিত বৃহৎ পুঁজিৰে দুলীয়াজান ৰে’লৱে ষ্টেচনৰ পৰা টিপলিংপর্যন্ত ৪.৫৯৫ কিলোমিটাৰ ৰাজপথৰ কাম আৰম্ভ হয়৷ উক্ত পথছোৱা নির্মাণৰ বাবে অইল ইণ্ডিয়াই ২৫ কোটি টকা ধার্য কৰি ১৮ মাহৰ ভিতৰত নির্মাণকার্য সম্পূর্ণ কৰাৰ বাবে অসম চৰকাৰৰ লোকনির্মাণ বিভাগৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ কিন্তু ৭টা বছৰে কামটো সম্পূর্ণ কৰিব নোৱাৰাত ২০২০ চনত অসম চৰকাৰৰ এছ অ’ পি ডিৰ অধীনত ৩.৪৮ কোটি টকাৰ পুঁজি মোকলাই দিয়ে৷ তৎসত্ত্বেও পথছোৱাৰ নির্মাণকার্য সম্পূর্ণ নহ’ল৷ আজি দুলীয়াজানৰ সাংবাদিকৰ অনুৰোধমর্মে মুখ্যমন্ত্রী ড০ শর্মাই অহা ১৫ দিনৰ ভিতৰত পথছোৱাৰ নির্মাণ সম্পূর্ণ কৰাৰ আশ্বাস প্রদান কৰে৷ সেইদৰে ২০১৪ চনত অসম চৰকাৰৰ নিয়োগ আৰু হস্তশিল্প সঞ্চালকালয়ে প্রায় চাৰি কোটি টকাৰ পুঁজিৰে দুলীয়াজান কছাৰী পথাৰস্থিত ঔদ্যোগিক কাৰিকৰী প্রশিক্ষণ প্রতিষ্ঠানখন নির্মাণৰ কাম হাতত লয়৷ কিন্তু আজিও সম্পূর্ণ হৈ নুঠিল৷ মুখ্যমন্ত্রী ড০ শর্মাই এই নির্মাণকার্য অচিৰেই সম্পূর্ণ কৰাৰ আশ্বাস দিয়ে৷ একেদৰে বৃহত্তৰ দুলীয়াজান আৰু কাষৰীয়া অঞ্চলক সামৰি অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত অইল হাস্পতালখনে উন্নত প্রযুক্তিবিদ্যাৰ চিকিৎসা ব্যৱস্থাৰে এখন ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ উন্নীত কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ সৈতে আলোচনা কৰা বুলি সদৰী কৰে৷

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সমান্তৰালকৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে এটা অনুষ্ঠানত ঘোষণা কৰি কয় যে শিক্ষা বিভাগত অহা ৩১ মার্চৰ পূর্বে নিযুক্তি দিয়া হ’ব ২২ হাজাৰ শিক্ষকক৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে ইতিমধ্যে নিযুক্তি প্রক্রিয়া আৰম্ভ হৈছে আৰু প্রার্থীসকলৰ নথিপত্রসমূহ পৰীক্ষা কৰি থকা হৈছে৷ নিযুক্তিৰ সকলো ভেৰিফিকেচন শেষ হোৱাৰ লগে লগে নিযুক্তিৰ প্রক্রিয়াও সম্পূর্ণ হ’ব৷ মন কৰিবলগীয়া যে নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাজ্য চৰকাৰে অহা ৩১ মার্চৰ পূর্বে এক লাখ যুৱক–যুৱতীক চাকৰি দিয়াৰ প্রস্তুতি আৰম্ভ কৰিছে৷ এই প্রস্তুতিৰ অংশস্বৰূপে শিক্ষা বিভাগতো সম্পূর্ণ কৰা হ’ব ২২ হাজাৰ শিক্ষকৰ নিযুক্তি৷ শিক্ষামন্ত্রীগৰাকীয়ে এই শিক্ষকসকলক ৩১ মার্চৰ পূর্বে নিযুক্তি দিব পৰা যাব বুলিও প্রকাশ কৰে৷

উল্লেখ্য যে দেশজুৰি গ্রহণ কৰা ১০০ দিনীয়া কিতাপ পঢ়া অর্থাৎ পুথি পঠন অভিযান আজি গুৱাহাটীৰ দিছপুৰস্থিত ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ মঙলবাৰে পুৱাৰ ভাগত এই অভিযানৰ শুভাৰম্ভ কৰি শিক্ষামন্ত্রীগৰাকীয়ে ভাষণত কয় যে জ্ঞান আহৰণৰ বাবে পঢ়া, শিকা, কোৱা আৰু শুনা এই চাৰিটা উপাদান অতি প্রয়োজন৷ পঠন অভিযান ছাত্র–ছাত্রীসকলক উদ্দেশ্যি আৰম্ভ কৰা হৈছে যদিও এই কার্যৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি সাধাৰণ ৰাইজেও ইয়াত সহযোগ কৰা আৱশ্যক৷ শিক্ষামন্ত্রীয়ে সাহিত্য সভাকো এই কার্যসূচী গ্রহণ কৰাৰ বাবে আহ্বান জনায়৷ মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে যে এই অভিযানৰ জৰিয়তে সমাজত কিতাপ পঢ়াৰ এক অভ্যাস গঢ়ি তুলিব পৰা যাব৷

এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তই অংশ লৈ ভাষণত কয় যে ম’বাইল ফোনৰ প্রভাৱত কিতাপ পঢ়াৰ অভ্যাস ক্রমাগতভাৱে হ্রাস হোৱাটো উদ্বেগৰ বিষয়৷ এই পঠন অভিযানৰ দ্বাৰা অনাগত দিনত কিতাপৰ লগত এক আত্মিক সম্পর্ক গঢ়ি তুলিব পৰা যাব বুলিও শিক্ষা উপদেষ্টাগৰাকীয়ে মন্তব্য কৰে৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে সমগ্র শিক্ষা অভিযানৰ মিছন সঞ্চালিকা ৰশ্মি অপাৰঞ্জি কৰাটি, শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্রীতম শইকীয়া, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠানৰ সঞ্চালিকা ড০ নিৰদা দেৱী, সর্বশিক্ষা অভিযান মিছনৰ কার্যকৰী সঞ্চালক ধ্রুৱজ্যোতি দাস, প্রাথমিক শিক্ষা সঞ্চালক ড০ বিজয়া চৌধুৰী আদিকে ধৰি শিক্ষা বিভাগৰ কেইবাজনো শীর্ষ বিষয়া৷ ইফালে, সমগ্র দেশত অমিক্রনৰ সংক্রমণ বৃদ্ধিৰ লগতে অসমতো হঠাৎ ক’ৰোনাত আক্রান্ত হোৱাৰ বাবে পুনৰ বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ সম্ভাৱনাক আজি নাকচ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ মন্ত্রীগৰাকীৰ মতে ৰাজ্যত ক’ভিডৰ বাবে বিদ্যালয় বন্ধ হোৱাৰ পৰিৱেশৰ সৃষ্টি হোৱা নাই৷ স্বাস্থ্য বিভাগে সুন্দৰভাৱে কাম কৰি আছে৷ গতিকে স্বাস্থ্য বিভাগে দিয়া পৰামর্শ তথা নিয়মসমূহ শিক্ষা বিভাগে অনুকৰণ কৰি যাব৷ আনহাতে ৰাষ্ট্রীয় শিক্ষানীতিৰ সন্দর্ভত ডাঃ পেগুৱে আজি কয় যে নতুন শিক্ষানীতিত মাতৃভাষাক সর্বাধিক গুৰুত্ব দিয়া হৈছে৷ এই লক্ষ্যৰে অহা ২১ ফেব্রুৱাৰীত আন্তঃৰাষ্ট্রীয় মাতৃভাষা দিৱস উদ্যাপন কৰা হ’ব৷

হাইস্কুল শিক্ষকৰ নূন্যতম শিক্ষাগত অর্হতা হ’ব স্নাতকোত্তৰ ডিগ্রী

এতিয়াৰে পৰা হাইস্কুলত নিযুক্তিৰ বাবে শিক্ষকৰ শিক্ষাগত অর্হতা হ’ব স্নাতকোত্তৰ ডিগ্রী আৰু লগতে বি. এড. ডিগ্রী৷ স্নাতক ডিগ্রীধাৰী প্রার্থীয়ে নাপাব হাইস্কুলক শিক্ষকৰ চাকৰি৷ আনকি ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীত পঢ়োৱা শিক্ষকৰো নূন্যতম শৈক্ষিক অর্হতা হ’ব স্নাতকোত্তৰ ডিগ্রী৷ প্রাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে নূ্যনতম শৈক্ষিক অর্হতা হ’ব স্নাতক ডিগ্রী৷ আনহাতে ২০৩০ চনৰ পিছত ডি. এল. এড. ডিগ্রীৰেও নাপাব প্রাথমিক বিদ্যালয়ৰ চাকৰি৷ তেওঁলোকৰ বাবেও এসময়ত বি. এড. ডিগ্রীহে প্রযোজ্য হ’ব৷ কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চল গোহালকোণাত কামৰূপ জিলা প্রশাসনৰ উদ্যোগত আৰু কামৰূপৰ শিক্ষা বিভাগৰ সহযোগত গোহালকোণাৰ গাৰো মাধ্যমৰ টেট ডত্তীর্ণ পৰীক্ষার্থীসকলক সম্বর্ধনা জনাবলৈ আয়োজন কৰা এখন ৰাজহুৱা সভাত ভাষণ দি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এইদৰে কয়৷ তেওঁ আৰু কয় যে শিক্ষাৰ উৎকর্ষ সাধন কৰাৰ বাবে চৰকাৰে শিক্ষাৰ শিতানত দুহ হাজাৰ কোটি টকা খৰচ কৰিব৷ ২,৫০০খন বিদ্যালয়ক ৫০ লাখ টকাকৈ অনুদান দিব৷ তেওঁ আৰু কয় যে জনসাধাৰণে ভাষাক আৱেগৰ দৃষ্টিৰে চোৱা অনুচিত৷ জীৱন জীৱিকাৰ লগত ভাষাৰ প্রচলনৰ বহুবোৰ কথা নির্ভৰ কৰে বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত প্রায় চাৰি হাজাৰ শিক্ষকৰ পদ খালী আছে৷ সেহসমূহ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত৷ কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাত অনুসূচিত জনজাতিৰ প্রার্থীয়ে পঢ়াব নোৱাৰে বাব