নাৰী সৰবৰাহ : কেৰালাত উদ্ধাৰ অসমৰ ৫ যুৱতী





কেৰালাত উদ্ধাৰ হৈছে অসমৰ পাঁচগৰাকী যুৱতী। নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ হোৱা যুৱতীগৰাকী নগাঁও, মৰিগাঁও, হোজাই আৰু শোণিতপুৰ জিলাৰ। তেওঁলোকক নগাঁও আৰক্ষীৰ এটা দলে ৰাজ্যখনৰ তিৰুৱনন্থপুৰম জিলাৰ উদ্ধাৰ কৰে। লগতে এগৰাকী মহিলাসহ তিনিজন নাৰী সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে।


নগাঁও সদৰ থানাত ৰুজু হৈ থকা ১৯৮৭/২০২১ নম্বৰৰ গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত নগাঁও আৰক্ষীৰ দল এটাই অভিযানটো চলাইছিল। অভিযানত গ্ৰেপ্তাৰ হোৱা নাৰী সৰবৰাহকাৰী চক্ৰৰ সদস্য ৩জন হ'ল- নগাঁৱৰ ৰৌমাৰীৰ আলী আকবৰ (৩২) , কচুৱাৰ আইনা বিবি ওৰফে দিদি (৪১) আৰু হোজাইৰ দিলোৱাৰ হুছেইন (২৪)। আনহাতে, নাৰী সৰবৰাহকাৰী চক্ৰটোৰ মূল খলনায়িকা হৈছে আইনা বিবি । এইগৰাকী মহিলাই অসমৰ বিভিন্ন জিলাৰ পৰা চাকৰি আৰু কাম দিয়াৰ প্ৰলোভনৰে কেৰেলাকে ধৰি বিভিন্ন ৰাজ্যলৈ যুৱতী মহিলা সৰবৰাহ কৰি আহিছে । আলী আকবৰ আৰু দিলোৱাৰ হুছেইনৰ সহযোগত আইনা বিবিয়ে বহি:ৰাজ্যত কেইদিনমান কাম দিয়াৰ পিছত যুৱতী আৰু মহিলাক নাৰী দেহৰ ব্যৱসায়ত জৰিত কৰোৱায় । ইয়াৰ বিনিময়ত এই চক্ৰটোৱে বুজন পৰিমানৰ ধন সংগ্ৰহ কৰে।

5 views0 comments