নিৰীহক এনকাউণ্টাৰ : অভিযুক্ত আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজ



নগাঁৱৰ কচলুখোৱাত এজন ছাত্ৰনেতাক এনকাউণ্টাৰৰ নামত নগাঁও আৰক্ষীৰ এন্টি নাৰ্কটিক স্কোৱাডে গুলীয়াই আহত কৰা ঘটনাটোক লৈ উত্তাল হৈ পৰিছে নগাঁও। অকল নগাঁও নহয়, ই ৰাজ্যখনৰ ৰাজনীতিও উত্তাল কৰি তোলাৰ সম্ভাৱনা জগাই তুলিছে। ঘটনাটোক লৈ শাসক দলক আক্ৰমণ কৰাৰ লক্ষ্য কৰি লৈছে বিৰোধী দলে। ইফালে কীৰ্তি কমল বৰাৰ দেহৰ পৰা গুলী বাহিৰ কৰা হৈছে ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এই অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছে। উল্লেখ্য যে কীৰ্তি কমল বৰাৰ সোঁভৰিৰ আঁঠুৰ ওপৰত স্কোৱাডৰ জোৱানে নাইন এম এম পিস্তলেৰে গুলীয়াইছিল ৷ কিন্তু গুলীৰ আঘাতত যুৱকজনৰ ভৰিৰ হাড় ফাটি যোৱাত অধিক অস্ত্ৰোপচাৰ প্ৰয়োজন আছে ৷ কীৰ্তিক দ্বিতীয়টো অস্ত্ৰোপচাৰৰ বাবে সাজু কৰা হৈছিলো। কিন্তু চিকিৎসাধীন যুৱকজনৰ দেহত ক'ভিড ধৰা পৰে ৷


ইফালে ঘটনাটোৰ তদন্তৰ দায়িত্ব পৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ ওপৰত। তেওঁ ইতিমধ্যে গুৱাহাটীৰ পৰা নগাঁৱত উপস্থিত হয়। আনহাতে, কীৰ্তি কমলক গুলীওৱা এন্টি নাৰ্কটিক স্কোৱাডৰ এছ আই প্ৰদীপ বণিয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষী প্ৰশাসনে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰদীপ বণিয়াক ৰিৰ্জাভ ক্লজ কৰা হৈছে। এছ পি আনন্দ মিশ্ৰই দিয়ে এই নিৰ্দেশ। বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পিছত আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে।

এই কথাই প্ৰমাণ কৰিলে যে আৰক্ষীয়ে ইচ্ছাকৃতভাৱে ছাত্ৰ নেতাজনক গুলীয়াই ড্ৰাগছ সৰবৰাহকাৰী সজাবলৈ চেষ্টা কৰিছিল।


ইফালে ঘটনাটোৰ প্ৰতিবাদত আজি নগাঁও উত্তাল হৈ পৰে। কেইবাটাও সংগঠনে দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

9 views0 comments