পঞ্জাবত মোদীৰ অথন্তৰে কংগ্ৰেছৰ ক্ষমতালোলুপ উন্মাদনাক উধঙালে





পঞ্জাবত বুধবাৰে এটা নজিৰবিহীন ঘটনা সংঘটিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ফ্লাইঅভাৰত প্ৰায় ২০ মিনিট আবদ্ধ হৈ ৰ’বলগীয়া হয়। সেয়াও কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে। ইয়াত প্ৰতিবাদকাৰী কৃষকক জগৰীয়া কৰিব নোৱাৰি। প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। কৃষকসকলে যে প্ৰধানমন্ত্ৰীৰ বাটত প্ৰতিবাদী কাৰ্ষয়ূচী ৰূপায়ণ কৰিব, সেইটো ৰাজ্য চৰকাৰখনৰ ্জ্ঞাত নাছিল। তেন্তে চৰকাৰখনে সেই সুবিধাটো কিয় দিলে? ইয়ে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সুৰক্ষাৰ প্ৰতি কিমান ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিব পাৰে বা আনিলেহেঁতেন, সেইটো চৰকাৰখনে নিশ্চয় অনুমান নকৰাকৈ থকা নাছিল। সৌভাগ্যক্ৰমে তেনে কোনো ঘটনা নঘটিল। প্ৰধানমন্ত্ৰীগৰাকী সুৰক্ষিত হৈ থাকিল। এইটো অভূতপূৰ্ব ঘটনা। প্ৰতিহিংসামূলক ৰাজনীতিৰ বাহকৰ দ্বাৰাহে এনে দায়িত্বজ্ঞানহীন কাণ্ড আশা কৰিব পাৰি। পঞ্জাব চৰকাৰখনকো একেটা শাৰীতে ৰাখিব পাৰি। চৰকাৰখনে প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দিশটোক সম্পূৰ্ণৰূপে আওকাণ কৰি ইয়াৰ পৰা ৰাজনৈতিক মুনাফা কিমান অধিক আদায় কৰিব পাৰি, তাৰে চেষ্টাতহে ব্যস্ত হৈ পৰিছে। এনে ঘৃণনীয় কাণ্ড কংগ্ৰেছশাসিত চৰকাৰ এখনৰ পৰাহে আশা কৰিব পাৰি। কিয়নো ৰাজ্যখনত আৰু কেইদিনমান পিছতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনত কংগ্ৰেছৰ অৱস্থা শোচনীয়, সেইটো সমগ্ৰ ভাৰতে জানে। অন্তৰ্কলহত দলটো ইমানেই লজ্জাজনকভাৱে জৰ্জৰ যে মুখ্যমন্ত্ৰীগৰাকীয়েই দল এৰি গৈছে। নৱজোত সিং সিদ্ধুৰো ভূমিকা সকলোৱে দেখি আছে। কংগ্ৰেছে তাততৈয়াকৈ এজন নতুন নেতাক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিছে যদিও সিদ্ধুৰ ভূমিকা এতিয়াও দলবিৰোধী। পূৰ্বৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে নতুন দল গঠন কৰি কংগ্ৰেছৰ বাটত কাঁইট সিঁচি দিছে। এই অৱস্থাত ছোনিয়া গান্ধী-ৰাহুল গান্ধীৰ বাবে প্ৰধানমন্ত্ৰীৰ সুৰক্ষা হৈ পৰিছে ৰাজনৈতিক মুনাফা াদায়ৰ নিকৃষ্ট পথ। এনে ঘৃণনীয় ৰাজনীতিৰ বাহক কংগ্ৰেছ দেশখনৰ বাবে দিনক দিনে বিপজ্জনকহে হৈ পৰিছে।


পঞ্জাব চৰকাৰে কোনো কাৰণতে বিষয়টোৰ পৰা দায়বদ্ধতাৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰে। চৰকাৰখন জবাবদিহি হ’বই লাগিব।

এবাৰ কল্পনা কৰক, প্ৰধানমন্ত্ৰী গৈ আছে। পথত হঠাতে প্ৰতিবাদী কাৰ্যসূচী, হেঁচা-ঠেলাৰ বাবে তেওঁ ৰৈ যাবলগীয়া হয়। প্ৰায় কুৰি মিনিট উত্তেজনাময় পৰিস্থিতৰ মাজত তেওঁ আবদ্ধ হৈ থাকিবলগীয়া হয় আৰু মূৰকত উভতি যাবলগীয়া হয়। দায়িত্বশীল কোনো চৰকাৰ এখনৰ বৰ্তমানত তেনে কথা বা ঘটনা কল্পনাই কৰিব নোৱাৰি। চৰকাৰখনে পঞ্জাবৰ মান আৰু নাক দুয়োটাই কাটিলে আৰু এতিয়া ইয়াকে লৈ নিৰ্লজ্জৰ দৰে ৰাজনীতি আৰম্ভ কৰিছে। ইয়াত লক্ষণীয় দিশ কেইবাটাও আছে। প্ৰথম কথাটা হৈছে, প্ৰধানমন্ত্ৰীয়ে কোন পথেৰে যাব, সেইটো গোপনে ৰখা হয়। শেষ মুহূৰ্তত সেইটো নিশ্চয় কৰা হয়। পঞ্জাবৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। প্ৰধানমন্ত্ৰী মোদীয়ে বাঠিণ্ডাৰ হুছেইনীৱালাস্থিত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকলৈ আকাশী পথৰ বিপৰীতে স্থলপথেৰে যোৱাটো শেষ মুহূৰ্তত নিৰ্ণয় কৰা হৈছিল। কিন্তু সেই গোপন তথ্যটো প্ৰতিবাদী কৃষকসকলে লাভ কৰিলে। অৰ্থাৎ পঞ্জাবত প্রধানমন্ত্রীৰ কাৰ্যসূচী অথন্তৰৰ সন্মুখীন হওক, সেইটো পঞ্জাব চৰকাৰে বিচাৰিছিল। ইয়াৰ কাৰণ এটাই হ’ব পাৰে, প্ৰধানমন্ত্ৰীক সুৰক্ষাক সংকট পেলাই ৰাজনৈতিক মুনাফা আদায় কৰা হওক। এনে কামেৰে কংগ্ৰেছে নিজৰ সতিকাজোৰা যাত্ৰাটোত কলংক সানিলে। দলটোৰ নেতৃত্ব চূড়ান্ত হতাশ আৰু ক্ষমতা লাভৰ বাবে বলিয়া হৈ পৰিছে।


নিজৰ দায়বদ্ধতাক নিৰ্লজ্জৰ দৰে ঢাকি ৰখাৰ অপচেষ্টা চলাই পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং ছান্নীয়ে প্ৰধানমন্ত্ৰী মোদীক টুলুঙা কথাৰে আক্ৰমণ কৰাহে দেখা গৈছে। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকৰ প্ৰতিবাদৰ বাবে নহয়, তেওঁৰ সভাত মানুহ নোহোৱাৰ বাবেহে উভতি গৈছিল। কেনে নিকৃষ্ট চিন্তা! মুখ্যমন্ত্ৰী ছান্নীয়ে কৈছে, প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ভুল হোৱা নাছিল। প্ৰধানমন্ত্ৰী মোদী বিমানেৰে যোৱাৰ কথা আছিল। কিন্তু হঠাৎ তেওঁ বিমানেৰে নগৈ ৰাস্তাৰে সভালৈ গ’ল। তেওঁ আৰু কৈছে যে, প্ৰধানমন্ত্ৰীৰ ওপৰত কোনো আক্ৰমণ হোৱা নাই।

মুখ্যমন্ত্ৰী ছান্নীৰ মতে মোদীৰ নিৰ্বাচনী সভাৰ বাবে ৭০ হাজাৰ লোকৰ সমাগম হোৱাকৈ আসন ঠিক কৰা হৈছিল। কিন্তু সভাত ৭০০ লোকৰো সমাগম হোৱা নাছিল। সেয়েহে মোদীয়ে সভাত অংশগ্ৰহণ নকৰি উভতি আহিছিল।

ইফালে প্ৰধানমন্ত্ৰীৰ মোদীৰ লগত সংঘটিত ঘটনাটোৰ বাবে পঞ্জাব কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছে। একাংশ কংগ্ৰেছ নেতাই মোডীৰ লগত সংঘটিত ঘটনাৰ বাবে পঞ্জাব কংগ্ৰেছৰ ভাৱমূৰ্তি দেশত ম্লান পৰা বুলি মন্তব্য দিছে। মোদী কেৱল বিজেপিৰ প্ৰধানমন্ত্ৰী নহয়, তেওঁ দেশৰেই প্ৰধানমন্ত্ৰী। গতিকে তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ভুল থাকিব নালাগিছিল।

আনহীতে, পঞ্জাব বিজেপিয়ে বৃহস্পতিবাৰে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰিব। ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তনৰ বাবে দাবী কৰিব বিজেপিয়ে।

6 views0 comments