পত্নীক ভাৰাঘৰৰ মালিকৰে অসংযত অৱস্থাত দেখি টাৱাৰে কোবাই কোবাই হত্যা




ডিব্ৰুগড়ত সংঘটিত ডাবল মাৰ্ডাৰৰ ৰহস্য ফাদিল কৰিলে আৰক্ষীয়ে। ঘটনাটোৰ মূল অভিযুক্ত ৰাজীৱ শুক্ৰাঙক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহে হত্যাকাণ্ডটোৰ আঁৰৰ কাহিনী। ৰাজীৱে নিজ পত্নী আৰু ভাৰাঘৰৰ মালিকক হত্যা কৰিছিল পৰকীয়া প্ৰেমৰ বাবে। দুয়োকে ৰুটি সেকা টাৱাৰে কোবাই হত্যা কৰিছিল।


হত্যাকাণ্ডটোৰ মূল অভিযুক্ত ৰাজীৱক আৰক্ষীয়ে মঙলবাৰে নিশা শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। দুয়োকে হত্যা কৰি ৰাজীৱে শদিয়াত আত্মগোপন কৰি আছিল। বৰ্তমান ডিব্ৰুগড় সদৰ থানাত ৰাজীৱৰ জেৰা চলি আছে।


জানিব পৰা মতে, নিজ পত্নীৰ সৈতে সুধীৰ গগৈক অসংযত অৱস্থাত দেখা বাবেই ৰাজীৱে দুয়োকে হত্যা কৰিছিল। দুয়োৰে হাত-ভৰি বান্ধি টাৱাৰে কোবাই কোবাই হত্যা কৰে। ঘটনাটো ডিব্ৰুগড় বৈৰাগীমঠ মলখুবচা কছাৰীগাঁৱত সংঘটিত হয়।

উল্লেখ্য যে সুধীৰ গগৈ নামৰ লোকজনৰ লগতে তেওঁৰ বাসগৃহলৈ ভাৰাতীয়া হিচাপে নতুনকৈ অহা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল। সুধীৰ গগৈৰ মৃতদেহ নিজৰ শোৱনী কোঠাত উদ্ধাৰ হোৱাৰ বিপৰীতে একেটা ঘৰৰে আন এটা কোঠাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।



আৰক্ষীয়ে তৎপৰতাৰে তদন্ত কৰি শদিয়াৰ পৰা হত্যাকাৰী ৰাজীৱ চুংক্ৰাঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো অত্যধিক মদ্যপানৰ বাবেই সংঘটিত হোৱা বুলি অৱগত কৰিছে।

88 views0 comments