পথ সুৰক্ষা: ৩০ খনতকৈও বেছি ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলে প্রয়োগ কৰিব আই আই টিৰ তথ্য-সঞ্চালিত মডেল




দেশৰ ৰাস্তাবোৰত সুৰক্ষা আৰু জৰুৰীকালীন সঁহাৰি বৃদ্ধি কৰিবলৈ ৩২ খনতকৈ অধিক ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি মাদ্ৰাছৰ দ্বাৰা নিৰ্মিত তথ্য সঞ্চালিত মডেলক ব্যৱহাৰ কৰিব । ভাৰতত নীতি নিৰ্মাণ আৰু তাৰ প্ৰয়োগৰ ক্ষেত্ৰত উপযুক্ত তথ্যৰ অভাৱক এক মুখ্য বাধা বুলি পথ সুৰক্ষা বিশেষজ্ঞসকলে উল্লেখ কৰাৰ পাছত বিশ্ববেংকৰ দ্বাৰা বিত্তীয়ভাৱে সমৰ্থিত এই মডেলটোক পথ আৰু পৰিবহন মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে । ভাৰতত ২০৩০ চনলৈ পথ দুৰ্ঘটনাজনিত মৃত্যুৰ সংখ্যা ৫০% লৈ হ্ৰাস আৰু শেষলৈ সম্পূৰ্ণ শূণ্য কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা এছ ডি জি লক্ষ্যক সাকাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আই আই টিৰ দলটোৱে ৰাজ্য চৰকাৰৰ লগত এখন স্মাৰকপত্ৰত চহী কৰে । আই আই টি মাদ্ৰাছৰ অধ্যাপক ভেংকটেস বালাসুব্রমনিয়ামে কয় যে যোজনাটো প্ৰথমে পাইলট আধাৰত পথ দুৰ্ঘটনাত উচ্চতম মৃত্যুৰ হাৰ থকা ছয়খন ৰাজ্যত উন্মোচন কৰা হ'ব । এই ছয়খন ৰাজ্য হৈছে কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু তামিলনাডু । যোজনাটোৰ মতে, এটা মোবাইল এপ্লিকেচন বনোৱা হ'ব যাৰ সহায়ত পুলিচকৰ্মীসকলে যিকোনো পথ দুৰ্ঘটনা এটাৰ ফটো আৰু ভিডিঅ'সহ বিৱৰণ দিব পাৰিব, য'ত সেই নিৰ্দিষ্ট দুৰ্ঘটনাটোৰ বাবে এটা নিৰ্দিষ্ট আই ডিৰ সৃষ্টি হ'ব । একেসময়তে লোক কাৰ্য বিভাগ বা স্থানীয় ক্ষেত্ৰৰ কোনো অভিযন্তাৰ মোবাইলত এটা এলার্ট বাজিব, সেইমৰ্মে তেওঁ সেই দুৰ্ঘটনাৰ ঠাইলৈ গৈ তাক পৰীক্ষণ কৰি পথ ডিজাইনৰ দৰে গুৰুত্বপূৰ্ণ কামবোৰ কৰিব পাৰিব । তাৰ পৰা সংগ্ৰহ কৰা তথ্যবোৰ আই আই টি মাদ্ৰাছৰ এটা দলে পৰীক্ষণ কৰিব আৰু পথ ডিজাইনৰ ভুলবোৰ শুধৰাব । পথ পৰিবহন আৰু হাইৱে মন্ত্ৰী নিটিন গডকাৰীৰ মতে ভাৰতৰ ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ গৰাকী হোৱাৰ সপোন তেতিয়াহে ফলিয়াব যেতিয়া সময়মতে বস্তু আৰু মানুহ কঢ়িওৱাৰ বাবে আমাৰ ওচৰত সুৰক্ষিত ৰাস্তা থাকিব ।

7 views0 comments