পৰিকল্পনা ৰ অভাৱত পচিবলৈ ধৰিছে নেকি পৰিবহণৰ 'ৰঙা বাছ'?




অসম ৰাজ্যিক পৰিবহন নিগমৰ (এ এছ টি চি) জনপ্ৰিয় 'ৰঙা বাছ' এতিয়া ধূলিলৈ পৰিৱৰ্তিত হোৱাৰ পথত বুলি কলেও চাগে বঢ়াই কোৱা নহব । ঘণ ঘণ হাবি জংঘলত এই লাখ লাখ টকীয়া বাছবোৰ ধ্বংস হবলৈ এৰি দিছে বিভাগে ।১৫ ৰ পৰা ২০ লাখ টকা দামী এই বাছবোৰ জানো অসমৰ জনগনৰ সম্পত্তি নহয় ! হাবিয়ে জংঘলে এনে দৰে ধ্বংস হবলৈ এৰি দিয়াবোৰে জানো ৰাজহুৱা সম্পত্তি ধ্বংস কৰা নাই ? আনহাতে পৰিবহন বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবে নিগমৰ ভূমিও এফালৰ পৰা দখল কৰি গৈছে বেদখকাৰীসকলে , পৰিবহন নিগমৰ মাটিত কাঠফুলাৰ দৰে বাঢ়ি অহা ভাৰাঘৰবোৰ ও এতিয়া মুৰৰ কামুৰণিত পৰিনত হৈছে এ এছ টি চি বিভাগৰ । কিন্তু শুই বহি কটাওতে কাম কৰিবলৈ আহৰি নোপোৱা পৰিবহন বিভাগৰ এইবোৰলৈ কোনো গুৰুত্ব নাই । নিগমৰ চৰকাৰী আমোলা-বিষয়সকলৰ একাংশইও কেৱল দৰমহা বৃদ্ধি আৰু পদবীক খামুচি ধৰি থকাটোতহে চকু দিয়ে । চৰকাৰী বাছ আস্থানবোৰত মাৰ্চিডিজ বাছ চলোৱা চৰকাৰৰ 'ৰঙা বাছ' বিকল হৈ ঠাইতে গেলিবলৈ লৈছে ।সেই বাছবোৰক লৈ চৰকাৰৰ নাই কোনো বিশেষ পদক্ষেপ। বিকল হোৱা এই বাছবোৰৰ মেৰামতিৰ ক্ষেত্ৰত পদক্ষেপ লোৱাত উন্নয়নমুখী চৰকাৰখনে কোনোধৰণৰ গুৰুত্ব দিয়া নাই এতিয়ালৈ ।আনহাতে এ এছ টি চিৰ ভূমি দখল কৰি অজস্ৰ দোকান-পাহাৰ বহি গৈছে কিন্তু পৰিবহন বিভাগৰ সেইবোৰলৈ কাণসাৰ নাই । এনে পয়ালগা অৱস্থাৰ পৰা পুনৰ পৰিবহন বিভাগ কাৰ্যক্ষম অৱস্থালৈ আহিবনে তাক লৈ সম্প্ৰতি ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ।

10 views0 comments