পেট্ৰ'ল-ডিজেলৰ চেঞ্চুৰী আঁৰৰ কাহিনী : ক’ৰোনাকালত এবছৰতে ৬৮ শতাংশ কৰ বৃদ্ধি







ক’ৰোনাকালত জনসাধাৰণ অৰ্থনৈতিকভাৱে পৰা সময়তে ভাৰতবৰ্ষত পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰম্ভ হয় কৰ বৃদ্ধিৰ অত্যাচাৰ৷ মহাগাণনিকে (কেগ) দেশত ক্রমবর্ধমান মূল্যবৃদ্ধিৰ আঁৰত থকা ৰহস্য উন্মোচন কৰিছে৷ অলপতে প্রকাশ পোৱা কেগৰ প্রতিবেদন অনুসৰি, বিগত বছৰ মে’ মাহত সমগ্র দেশ লকডাউন বলৱৎ হৈ থাকোঁতে কেন্দ্রীয় চৰকাৰে পেট্র’লৰ আবকাৰী শুল্ক প্রতিলিটাৰত ২২.৯৮ টকাৰ পৰা ৩২.৯ টকালৈ বৃদ্ধি কৰিছিল৷ বৃদ্ধিৰ হাৰ আছিল ৪৩ শতাংশ৷ ডিজেলৰ ক্ষেত্রত বৃদ্ধি হৈছিল ১৮.৮৩ টকাৰ পৰা ৩১.৮০ টকালৈ৷ বৃদ্ধিৰ হাৰ ৬৮ শতাংশ৷


ইফালে, ২০১৯–২০ বিত্তীয় বর্ষত পেট্ৰ'ল, ডিজেল আৰু প্রাকৃতিক গেছৰ পৰা কেন্দ্রীয় চৰকাৰে ২.৩৯ লাখ কোটি টকা কৰ আদায় কৰিছিল৷ পৰৱর্তী বিত্তীয় বর্ষত অর্থাৎ ২০২০–২১ বিত্তীয় বর্ষত যেতিয়া সমগ্র দেশবাসী ক’ভিড–১৯ৰ প্রকোপত জুৰুলা হৈ পৰিছিল, সেই সময়ত কেন্দ্রীয় চৰকাৰে পেট্ৰ’ল, ডিজেল, প্রাকৃতিক গেছত অতিৰিক্ত কৰৰ বোজাৰে সর্বসাধাৰণ ৰাইজৰ পৰা সংগ্রহ কৰিলে ৩.৮৯ লাখ কোটি টকা৷ মাত্র এবছৰতে কৰ সংগ্রহৰ পৰিমাণ বৃদ্ধি পালে ৬৩ শতাংশলৈ (১.৫০ লাখ কোটি টকা)৷ ২০১৯ চনৰ ৫ মে’ত কেন্দ্রই অভাৱনীয় হাৰত বৃদ্ধি কৰা আবকাৰী শুল্কৰ বাবেই এতিয়া পেট্ৰ’ল, ডিজেলৰ মূল্য প্রতিলিটাৰত ১০০ টকা অতিক্রম কৰি ঊর্ধ্বগামী হৈ আছে৷

6 views0 comments