পেট্ৰ’ল-ডিজেল : ৫ বছৰত ১,৪৫৩,৬৭৯ কোটি টকা আবকাৰী কৰ সংগ্ৰহ কেন্দ্ৰৰ






ভাৰতবৰ্ষত পেট্ৰ’ল-ডিজেলৰ মাত্ৰাধিক দামে সাধাৰণ ক়ৃষকৰ পৰা যাতায়াত ব্যৱস্থালৈকে সকলোকে অকল্পনীয়ভাৱে প্ৰভাৱিত কৰিছে। ইয়াৰ সমান্তৰালকৈ দাম বৃদ্ধিৰ গ্ৰাফডালো ঊৰ্ধমুখী হৈ গৈ আছে। ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে বিগত পাঁচ বছৰত অপৰিশোধীয় পেট্ৰ’লিামৰ পৰা আবকাৰী কৰ হিচাপে কিমান ধন আদায় কৰিলে, জানেনে? লোকসভাত আজি অৰ্থাৎ ৯ ডিচেম্বৰত দাঙি ধৰা তথ্য অনুসৰি ১,৪৫৩,৬৭৯ কোটি টকা। ইয়াৰে ২০১৬-১৭ বৰ্ষত ২,৪২,৬৯১ টকা, ২০১৭-১৮ বৰ্ষত ২,২৯,৭১৬ কোটি টকা, ২০১৮-১৯ বৰ্ষত ,১৪,৩৬৯ কোটি টকা, ২০১৯-২০ বৰ্ষত ২,২৩,০৫৭ কোটি টকা, ২০১৯-২০ বিত্তীয় বৰ্ষত ৩,৭২,৯৭০ কোটি টকা আৰু চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে ১,৭০,৮৯৪ কোটি টকা।ইয়াৰে লকডাউন চলি থকা সময়ত অৰ্থাৎ ২০১৯-২০ বিত্তীয় ভঅযত সৰ্বাধিক ৩,৭২,৯৭০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে কৰ হিচাপে আহৰণ কৰে। তদুপৰি ৰাজ্য চৰকাৰসমূহে সংগ্ৰহ কৰা ভেট আছেই। এইদৰে পেট্ৰ’লিয়ামৰ ওপৰত ধাৰ্য কৰা কৰৰ বাবে এপিনে পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়িছে আৰু আনপিনে ৰাজহৰ পৰিমাণ ক্ৰমশঃ বৃদ্ধি হৈ গৈছে।

ভাৰতত ২০১০ চনত ইউ পি এ চৰকাৰে ইন্ধনৰ দামৰ নিয়ন্ত্ৰণ নিজৰ হাতৰ পৰা মুক্ত কৰি দিছিল। ইন্ধন উদ্যোগসমূহক অপৰিশোধিত তেলৰ দামৰ ওপৰত ভিত্তি কৰি দাম নিৰ্ধাৰণ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছিল। তেতিয়াৰ পৰাই পেট্ৰ'ল-ডিজেলৰ দাম নিয়ন্ত্ৰণ চৰকাৰৰ হাতৰ পৰা ওলাই যায়। তথ্য অনুসৰি, ২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম প্ৰতি বেৰেলত সৰ্বাধিক আছিল। ১৩২ ডলাৰ । কিন্তু তেতিয়াও পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত মাত্ৰ ৫০ টকা আছিল । ২০১৪ চনত বিশ্বৰ বজাৰত প্ৰতি বেৰল তেলৰ দাম হৈছিল ১০৯ ডলাৰ । কিন্তু সেই সময়ত কলকতাত প্ৰতি লিটাৰ পেট্'ল ৭৯ টকা আৰু ডিজেল ৬২ টকাত বিক্ৰী হৈছিল।

লকডাউনৰ সময়ত খাৰুৱা তেলৰ দাম বহুত কম আছিল। কিন্তু সেই সময়তো ভাৰতে তৃলৰ দাম হ্ৰাস কৰিব পৰা নাছিল। কিন্তু ভাৰতত যিটো হাৰত তেলৰ দাম বৃদ্ধি পাই আছে, সেই অনুপাতে বিশ্ব বজাৰত তেলৰ দাম ইমান বৃদ্ধি হোৱা নাই। ইয়াৰ কাৰণ কি? ইন্ধনৰ মূল্য কেইবাটাও কাৰকৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। ইয়াৰ দাম প্ৰতিদিনে পুৱা ৬ বজাত নিৰ্ধাৰণ কৰা হয় । তেলৰ দাম গতিশীল। ইন্ধনৰ দাম বিধিৰ আধাৰত নিৰ্ধাৰণ কৰা হয়। যাৰ জৰিয়তে ই সলনি হৈ থাকে। দাম কেৱল বিশ্বৰ বজাৰৰ ওপৰত ভিত্তি কৰিয়ে নিৰ্ধাৰিত নহয়। আন বহু কাৰক ইয়াৰ লগত জড়িত হৈ আছে। তেলৰ দাম কেন্দ্ৰ চৰকাৰৰ উৎপাদক শুল্ক আৰু ৰাজ্য চৰকাৰৰ ভেটৰ ওপৰত নিৰ্ভৰ কৰে। দুয়োখন চৰকাৰৰ কৰৰ পৰিমাণ অধিক হ’লে ইয়াৰ দাম অধিক হয়। লগতে ভাৰতত তেলৰ ক্ষেত্ৰত অতিৰিক্ত কৰ লগোৱা হয়। যাৰ বাবে অন্য দেশৰ তুলনাত তেলৰ দাম বৃদ্ধি হয়।

চৰকাৰে ইন্ধনৰ ক্ষেত্ৰত জি এছ টি লগালে দাম কম হোৱাৰ সম্ভাৱনা আছে। কিন্তু কেন্দ্ৰ বা ৰাজ্য চৰকাৰে কোনো এখন চৰকাৰে ইয়াত গুৰুত্ব নিদিয়ে। লগতে বিদেশী মুদ্ৰা যদি ইয়াত প্ৰয়োগ কৰা হয় তেতিয়া হ’লে হ্ৰাস পাব পাৰে। যদিহে চৰকাৰে সময় থাকোঁতে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

6 views0 comments