পুনৰ অসম-মিজোৰাম সীমান্তত উত্তেজনা : লাইলাপুৰত শক্তিশালী বোমা উদ্ধাৰ





অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ

কুলিছৰাত এখন নিৰ্মীয়মাণ দলঙৰ তলত শনিবাৰে এটা বোমা উদ্ধাৰ হোৱাত সীমান্তৱৰ্তী অঞ্চলটোত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দলে বোমাটো বিস্ফোৰণ ঘটাৰ পূৰ্বেই নিস্ক্ৰিয় কৰে।


শনিবাৰে দুপৰীয়া মূল সীমান্তৰ পৰা কেইবা কিলোমিটাৰ ভিতৰত অসমৰ অংশত নিৰ্মীয়মাণ দলংখনৰ তলত পানীত বোমাটো স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷ লগে লগে আৰক্ষীক খবৰ দিয়া হয় ৷ খবৰ পাই লাইলাপুৰ আৰক্ষী চকীৰ আৰক্ষী আৰু ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবুদ্দিন বৰভুঞা সেই স্থানত উপস্থিত হয়৷ কিছু সময়ৰ পিছত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দল এটাও আহে। ঘটনাস্থলীত গৈ উপস্থিত হয় আৰক্ষীৰ দক্ষিণ দক্ষিণ অসম মাণ্ডলিকৰ ডিআইজি দেৱজিৎ মুখাৰ্জী, কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত কুমাৰ সেন ৷


বোমা বুলি সকলো নিশ্চিত হোৱাত খবৰ বোমা বিশেষজ্ঞৰ দলক মাতি পঠিওৱা হয়৷ দুঘণ্টা পিছত শিলচৰৰ পৰা ঘটনাস্থলীত গৈ উপস্থিত হয় বোমা বিশেষজ্ঞৰ এটা দল ৷ পানীত থকা বোমাটো উদ্ধাৰ কৰি জংঘললৈ নি নিষ্ক্ৰিয় কৰাৰ কাৰণে চেষ্টা চলায় যদিও অভিজ্ঞসম্পন্ন বিশেষজ্ঞ নথকাৰ কাৰণে বোমাটো নিষ্ক্ৰিয় কৰিব পৰা নগ'ল ৷ জন সমাগম এলেকাৰ পৰা বহু দুৰৰ জংঘলৰ ভিতৰত এটা গাঁত খান্দি বোমাটো পুতি ৰখা হৈছে ৷ আজি গুৱাহাটীৰ পৰা বিশেষজ্ঞৰ দল গৈ বোমাটো নিষ্ক্ৰিয় কৰাৰ কথা ৷ বিশেষ সূত্ৰে জানিব মতে, বোমাটোত আছিল শক্তিশালী RDX ৷ যিখন দলঙৰ তলত বোমাটো উদ্ধাৰ হৈছে , সেই দলংখন উৰুৱাই দিয়াৰ উদ্দেশ্যেই বোমাতো তাতে কোনো দুস্কৃতিকাৰীয়ে সংস্থাপিত কৰিছিল বুলি স্থানীয় লোকে সন্দেহ কৰিছে ৷

4 views0 comments