পুষ্টিহীনতাত ভুগিছে ৩৩ লাখতকৈও অধিক শিশু, ১৭.৭ লাখৰ অৱস্থা গুৰুতৰ : মন্ত্ৰালয়





২০১১ চনৰ জনসংখ্যাৰ তথ্য অনুসৰি ভাৰতবৰ্ষত ৪৬ কোটিতকৈ অধিক শিশু আছে । কিন্তু দুখৰ বিষয় যে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে আৰ টি আইৰ উত্তৰ ত দিয়া তথ্য অনুসৰি ৩৩ লাখতকৈও অধিক শিশুৱে বৰ্তমান পুষ্টিহীনতাত ভুগিছে, যাৰ ভিতৰত আধাতকৈ বেছি শিশুৰ অৱস্থা গুৰুতৰ । ৰাজ্যবোৰত শিশুৰ পুষ্টিহীনতাৰ তালিকাত মহাৰাষ্ট্ৰ, বিহাৰ আৰু গুজৰাট শীৰ্ষস্থানত আছে । মন্ত্ৰালয়ৰ মতে ২০২১ চনৰ ১৪ অক্টোবৰলৈকে ১৭,৭৬,৯০২ টা শিশু মাৰাত্মক ৰূপত আৰু ১৫,৪৬,৪২০ টা শিশু মজলীয়া ৰূপত পুষ্টিহীনতাত ভুগি আছে । ২০২০ চনৰ নৱেম্বৰৰ পৰা ২০২১-ৰ অক্টোবৰৰ ভিতৰত মাৰাত্মক পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা ৯১% বৃদ্ধি পাইছে । ২০২০ চনৰ নৱেম্বৰ মাহত এই সংখ্যা আছিল ৯.২৭ লাখ যি এতিয়া ১৭.৭৬ লাখ হৈছেগৈ । উল্লেখ্য যে মাৰাত্মক পুষ্টিহীনতাত ভোগা শিশুসকলৰ উচ্চতা অনুপাতে ওজন বহুত কম থাকে আৰু দুৰ্বল প্ৰতিৰক্ষা প্ৰণালীৰ বাবে যিকোনো অসুখত মৃত্যু হোৱাৰ সম্ভাৱনা ৯ গুণ বাঢ়ি যায় । মজলীয়া পুষ্টিহীনতাত ভোগা শিশুবোৰো শিশুকালতে ৰুগীয়া হয় আৰু মৃত্যুৰ বিপদ-সম্ভাৱনা বাঢ়ি যায় । অসমত সৰ্বমুঠ ১,৭৬,৪৬২ টা শিশুৱে পুষ্টিহীনতাত ভুগি আছে । তাৰ ভিতৰত ১,১৭,০১৬ টা শিশু মজলীয়া পুষ্টিহীনতা আৰু ৫৯,৪৪৬ টা শিশুৱে মাৰাত্মক পুষ্টিহীনতাত ভুগিছে । এই তথ্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চাইল্ড ৰাইটছ এণ্ড ইয়ুৰ চি ই অ' পূজা মাৰৱাহাই কয় যে কোভিডৰ কুপ্ৰভাৱ সকলো আৰ্থ-সামাজিক ক্ষেত্ৰতেই পৰিছে আৰু যোৱা দশকত হোৱা সকলো উন্নয়নক ই নোহোৱা কৰি পেলাব পাৰে । তেওঁ কয় যে বিদ্যালয় ত দুপৰীয়াৰ লঘু আহাৰৰ দৰে ব্যৱস্থাবোৰ বন্ধ হৈ থকাৰ বাবে ইয়াৰ ওপৰত ভিত্তি কৰি চলি থকা শিশুবোৰ পুষ্টিহীনতাত ভুগিছে । এপল' হস্পিটেলছ গ্রুপৰ জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ তথা গ্ৰুপ মেডিকেল ডিৰেক্টৰ অনুপম চাইবালে কয় যে পুষ্টিহীনতাক সোনকালে চিনাক্ত কৰাটো জৰুৰী আৰু পুষ্টিহীনতাই মাৰাত্মক ৰূপ লোৱাত বাধা দিবলৈ উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাটোও জৰুৰী ।

7 views0 comments